অসম

assam

By

Published : Jun 22, 2023, 11:35 AM IST

Updated : Jun 22, 2023, 4:59 PM IST

ETV Bharat / state

Student died in TU : তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ ছাত্ৰ

তেজপুৰ বিশ্ববিদ্যালয়ত পুনৰ এজন ছাত্ৰৰ মৃত্যু ৷ চি ভি ৰমন ছাত্ৰাবাসৰ কোঠাত উদ্ধাৰ কৰা হয় পৰিৱেশ বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰজনৰ মৃতদেহ ৷

Student died in TU
তেজপুৰ বিশ্ববিদ্যালয়ত পুনৰ এজন ছাত্ৰৰ মৃত্যু

তেজপুৰ, ২২ জুন : তেজপুৰ বিশ্ববিদ্যালয়ত পুনৰ অঘটন । হোষ্টেলৰ নিজৰ কোঠাত শুই থকা অৱস্থাতে অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হয় এজন ছাত্ৰৰ মৃতদেহ ৷ মৃত ছাত্ৰজনৰ ঘৰ তিনিচুকীয়া জিলাত ৷ জানিব পৰা মতে, মৃত ছাত্ৰজন আছিল পৰিৱেশ বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ৷ ঘটনাৰ সন্দৰ্ভত জানিব পাৰি বুধবাৰে নিশাই তেজপুৰত উপস্থিত হৈছেগৈ নিহত ছাত্ৰজনৰ পিতৃ ৷

তেজপুৰ বিশ্ববিদ্যালয় তৰফৰ পৰা জনোৱা মতে, ইতিমধ্যে ছাত্ৰজনৰ মৃতদেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । এয়া হত্যা নে আত্মহত্যা সেই সন্দৰ্ভত জানিব পৰা নাই কোনো তথ্য ৷ ছাত্ৰজনৰ স্বাস্থ্যজনিত কাৰণত নিশা কোনো অসুবিধাৰ সন্মুখীন হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ অৱশ্যে ছাত্ৰজনৰ মৃত্যু স্বাভাৱিক নে এইয়া আত্মহত্যা নে আন কোনো ৰহস্যজনক কাৰণত মৃত্যু হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিচতহে জানিব পৰা যাব ।

কিন্তু শেহতীয়াকৈ মৃত ছাত্ৰগৰাকীৰ দেউতাকে কেতবোৰ বিস্ফোৰক মন্তব্য দিছে ৷ পিতৃৰ ভাষ্য অনুসৰি তেওঁৰ পুত্ৰই আত্মহত্যা কৰা নাই, বৰঞ্চ তেওঁক হত্যা কৰা হৈছে ৷ পুত্ৰৰ আকস্মিক মৃত্যুত ম্ৰিয়মান পিতৃয়ে এতিয়া CBI তদন্তৰ বাবে দাবী উত্থাপন কৰিছে ৷ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত পিতৃয়ে আগবঢ়াইছে এইসমূহ মন্তব্য ৷

লগতে পঢ়ক :তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ছাত্ৰৰ আত্মহত্যা

জানিবলৈ পৰা মতে, চি ভি ৰমন ছাত্ৰাবাসৰ কোঠাত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ ৷ বৃহস্পতিবাৰে পিতৃৰ সৈতে তিনিচুকীয়াৰ ঘৰলৈ যোৱাৰ কথা আছিল মৃত ছাত্ৰজন ৷ সেয়ে বৃহস্পতিবাৰে পুৱা ছাত্ৰাবাসত উপস্থিত হৈছিল গৈ মৃত ছাত্ৰজনৰ পিতৃ ৷ কিন্তু বহু সময় ফোন কৰাৰ পাচতো কোঠাৰ দৰ্জা নোখোলাত সন্দেহৰ সৃষ্টি হয় ৷ যাৰবাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সহায়ত ছাত্ৰজনৰ পিতৃয়ে ভাঙি দিয়ে ছাত্ৰাবাসৰ দৰ্জা ৷ দৰ্জা ভাঙি দিয়াত বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজনৰ নিথৰ দেহ ৷

উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত এইটো বছৰত সংঘটিত হোৱা প্ৰথমটো অঘটন । ইয়াৰ পূৰ্বে বিগত বৰ্ষত বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিঙত অধ্যয়নৰত এজন ছাত্ৰই আত্মহত্যা কৰিছিল ৷ নিহত ছাত্ৰজনৰ নাম আদিত্য তাঁতী ৷ আদিত্য তাঁতীৰ ঘৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত ৷

লগতে পঢ়ক :Rangia robbery case : ৰঙিয়াত পিষ্টল দেখুৱাই ডকাইতৰ দলে ঘৰৰ পৰাই লুটিলে 10 লাখ টকা

Last Updated : Jun 22, 2023, 4:59 PM IST

ABOUT THE AUTHOR

...view details