ৰঙাপৰা, 9 জুন: শোণিতপুৰ জিলাৰ বালিপৰাৰ চিলনীত প্ৰচণ্ড ধুমুহাই অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰে । দেওবাৰে পুৱা প্ৰায় ৯ বজাত হঠাৎ অহা এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতি সাধন কৰে চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত লোক্ৰা বুঢ়াগাঁৱত । প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে গাঁওখনৰ ছয়টা পৰিয়ালৰ বাসগৃহৰ টিনপাত । গাঁওখনৰ নিৱাসী অমূল্য দাস, সুনিল ৰায়, ৰমেশ শৰ্মা, জয়পদ মণ্ডল, দিলীপ মনি দাস আৰু দিপালী মণ্ডলৰ বাসগৃহ কেইটা ধুমুহাই ক্ষতিগ্ৰস্ত কৰাত দৰিদ্ৰ পৰিয়াল কেইটাৰ থাকিবলৈ গৃহহীন হৈ পৰিছে ।
বালিপৰাৰ চিলনীত প্ৰচণ্ড ধুমুহাঃ কেইবাটাও বাসগৃহৰ ক্ষতি সাধন - বালিপৰা
দেওবাৰে পুৱা প্ৰায় ৯ বজাত হঠাৎ অহা এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতি সাধন কৰে চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত লোক্ৰা বুঢ়াগাঁৱত ।
বালিপৰাৰ চিলনীত প্ৰচণ্ড ধুমুহাঃ কেইবাটাও বাসগৃহৰ ক্ষতি সাধন
লগতে পঢ়ক: থলুৱা উদ্যোগীলৈ 75 শতাংশ ৰাজসাহাৰ্য্য দিব কেন্দ্ৰীয় চৰকাৰেঃ ৰামেশ্বৰ তেলী
ইফালে ধুমুহাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিয়াল কেইটাৰ সদস্য সকল ।