অসম

assam

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ

By

Published : Jun 26, 2020, 10:16 PM IST

কোভিড 19 ৰ সংক্ৰমণ ৰোধৰ বাবে শুকুৰবাৰৰ পৰা দুমাহ পৰ্যন্ত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে কোনো ব্যক্তিগত চিকিৎসালয় কিম্বা নাৰ্ছিং হোমত চিকিৎসা কৰিব নোৱাৰিব । এই নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷ তেজপুৰৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন কৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এই কথা ঘোষণা কৰে ৷

state health minister piyush hazarika ordered to take action against medical worker of TMCH tezpur assam etv bharat news
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ

তেজপুৰ,26 জুন: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা কোভিড 19ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা ৷ শুকুৰবাৰৰ পৰা দুমাহ পৰ্যন্ত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে কোনো ব্যক্তিগত চিকিৎসালয় কিম্বা নাৰ্ছিং হোমত চিকিৎসা কৰিব নোৱাৰিব বুলি নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷ তেজপুৰৰ ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব উক্ত নীতি ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ

শুকুৰবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোভিড চিকিৎসালয়ৰ লগতে কনকলতা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে,তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাগাৰৰ দায়িত্বত থকা ইক্ৰামূল হুছেইনৰ অ-সহযোগিতাৰ বাবেহে চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী চিকিৎসককে ধৰি মুঠ ৩৩গৰাকী স্বাস্থ্য কৰ্মী কৰ'ণাত আক্ৰান্ত হয় ৷ ইতিমধ্যে ইক্রামূলক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ স্বাস্থ্য বিভাগে নিলম্বিত কৰাৰ লগতে জিলা উপায়ুক্তক ব্যক্তিগৰাকীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰে ৷

উল্লেখ্য যে,ইক্রামূল হুছেইনে বিগত 6 জুনৰ পৰা 12 জুনলৈ চিকিৎসা মহাবিদ্যালয়খনৰ কোভিড ৱাৰ্ডত কাম কৰাৰ পিছত Covid 19 ৰ গাইডলাইন অনুসৰি স্বাৱ পৰীক্ষাৰ অন্তত হোম কোৱাৰেণ্টাইনত থাকিব লাগে ৷ কিন্তু ব্যক্তিগৰাকীয়ে উক্ত গাইড লাইন নামানি স্বাৱ পৰীক্ষা নকৰাকৈয়ে ঘৰলৈ যায় আৰু পৰৱৰ্তী সময়ত চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংককে ধৰি পৰীক্ষাগাৰৰ বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহে ৷ ইক্ৰামূলৰ এই কৰ্মকাণ্ড চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত বিগত 17 জুনত স্বাৱ সংগ্ৰহ কৰে ৷ পৰৱৰ্তী 20 জুনত ব্যক্তিগৰাকী ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷ এই ঘটনাই একপ্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ৷ এই ঘটনাৰ পিছত চিকিৎসা মহাবিদ্যালয়খনৰ 33 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় । সেয়ে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে এক উচ্চক্ষমতা সম্পন্ন দলৰ সৈতে চিকিৎসা মহাবিদ্যালয় হাস্পতালখন পৰিদৰ্শন কৰি গণ সংক্ৰমণ নোহোৱাৰ কথা ঘোষণা কৰে ৷

লগতে চাওকঃড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব মহানগৰ আৰক্ষী

ABOUT THE AUTHOR

...view details