অসম

assam

ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ - কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

মঙলবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা ৷ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰসমূহত হৈ থকা খেলি-মেলিৰ বাবে আৰু অধিক লোক নিয়োজিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেণ্টাইন কেন্দ্ৰত মন্ত্ৰী পিয়ুষ হাজৰিকা
তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেণ্টাইন কেন্দ্ৰত মন্ত্ৰী পিয়ুষ হাজৰিকা

By

Published : May 26, 2020, 6:03 PM IST

তেজপুৰ, 26 মে': তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেণ্টাইন কেন্দ্ৰত মঙলবাৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হৈ কোৱাৰেণ্টাইন কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে, শোণিতপুৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয় নোহোৱাৰ বাবে তেজপুৰ কোৱাৰেণ্টাইন কেন্দ্ৰসমুহত এটাৰ পিছত আনটো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ তেওঁ কোৱাৰেণ্টাইন কেন্দ্ৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ বিষয়াসকলক মাৰাথন জেৰা কৰা বুলি জানিব পৰা গৈছে ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেণ্টাইন কেন্দ্ৰত মন্ত্ৰী পিয়ুষ হাজৰিকা

আনহাতে, যোৱা দুই-তিনিদিন ধৰি প্ৰশাসন আৰু একাংশ বিভাগৰ মাজত সমন্বয়হীনতাৰ বাবেই বহু কেইটা বিক্ষিপ্ত ঘটনা হোৱা বুলি স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে ৷ স্বাৱ সংগ্ৰহৰ ক্ষেত্ৰতো কিছু সমস্যা সৃষ্টি হৈছে ৷ একাংশ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে তেওঁলোকৰ দায়িত্বত হেমাহি কৰাৰ বাবে বুধবাৰৰ পৰা এই দায়িত্বত আৰু অধিক লোক নিয়োজিত কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷

লগতে পঢ়ক: আগন্তুক 7 দিন প্ৰত্যাহ্বানৰ দিন হ'বঃ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details