তেজপুৰ, ১৯ মে': ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিমন্ত্ৰণ ব্যুৰ' (National Human Rights and Crime Control Bureau), অসমৰ উদ্যোগত ৰাজ্যিক মানৱ অধিকাৰ সন্মিলনখনি অহা ২১ মে' তাৰিখে গুৱাহাটীৰ বিশ্বৰত্ন হোটেলৰ সভাকক্ষত অনুষ্ঠিত হ'ব (State Convention on Human Rights 2023) । সংস্থাটোৰ ৰাজ্যিক অধ্যক্ষ নিশান্ত থৰ্ডে সংবাদ বিষয়া মৃন্ময় কুমাৰ নাথৰ জৰিয়তে এই কথা জনাইছে । দিনজোৰা কাৰ্যসূচীৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগা এই সন্মিলনত অসমৰ ৰাজ্যপালে অংশগ্ৰহণ কৰিব বুলি লগতে জানিবলৈ দিছে (Governor of Assam) ।
এই সভাতে চতিয়া সমষ্টিৰ বিধায়ক তথা কন্যকা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাক ৰাজ্যজুৰি কৃষি বিপ্লৱৰ সূচনা কৰাৰ বাবে অসম মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান কৰা হ'ব (human rights award to MLA Padma Hazarika) । আনহাতে, অসমৰ মহিলা সবলীকৰণত আৰ্থিকভাৱে সহায় কৰা বন্ধন বেংকৰ (human rights award to Bandhan Bank) কলকাতাস্থিত মাণ্ডলিক শাখাৰ জ্যেষ্ঠ উপদেষ্টা তথা মুখ্য মাণ্ডলিক বিষয়া সুৰজিত ৰয় চৌধুৰীৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বাতী বিধান বৰুৱালৈও এই বঁটা আগবঢ়োৱা হ'ব ।