তেজপুৰ, 2 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা আন্দোলনক এখন ফুটবল খেলৰ লগত তুলনা কৰিলে বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ সভাপতি মমিনুল আৱালে ৷ সোমবাৰে তেজপুৰত সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে মমিনুল আৱালে ৷
কেবৰ বিৰুদ্ধে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলাই যোৱা অন্দোলনক মৌলবাদী শক্তিৰ দ্বাৰা পৰিচালিত বুলি আখ্যা দিয়ে আৱালে ৷ ইমানেই নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ কেব বিৰুধী আন্দোলনকো অপব্যাখ্যা কৰিলে বিজেপি নেতাগৰাকীয়ে ৷
অখিল গগৈৰ অন্দোলন মৌলবাদী শক্তিৰ পৰিচালিত ইফালে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াক ঘুণেধৰা টেবুলৰ ওপৰত পাৰি থোৱা এখন ৫০ টকীয়া প্লাষ্টিকৰ কাৰ্পেটৰ লেখিয়া বুলি উল্লেখ কৰি কয় যে, কংগ্ৰেছৰ অধিকাংশ বিধায়কেই বাংলাদেশী মূলৰ ৷ তেওঁলোকে জয় আই অসম বুলি কোৱাৰ অধিকাৰ নাই ৷ আগতে সেই সকলক অসমৰ পৰা খেদি পঠিয়াওক তেতিয়াহে জয় আই অসম বুলি কোৱাৰ অধিকাৰ পাব কংগ্ৰেছে ৷ ৰকিবুল হুছেইনৰ পিতৃয়ে ১৯৫৮ চনত বাংলাদেশৰ পৰা নগাঁৱলৈ অহা বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
ৰকিবুল হুছেইনৰ দেউতাক বাংলাদেশী ইমানে নহয়, সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰিবলৈ গৈ অসম আন্দোলনৰ প্ৰসংগ টানি আনি কয় কয় যে, অসম আন্দোলনত বিৰোধিতা কৰি জন্ম হোৱা আমছুৰ লগতে একেলগে আন্দোলন কৰা আছুৱে কেব গৃহীত হ'লে মিঠাই খুৱাব ৷
কেব গৃহীত হ'লে আছুৱে মিঠাই খুৱাব