অসম

assam

ETV Bharat / state

SSB foundation day:তেজপুৰত এছ এছ বিৰ প্ৰতিষ্ঠা দিৱস পালন - সশস্ত্ৰ সীমা বলৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

সশস্ত্ৰ সীমা বলৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেজপুৰৰ এছ এছ বিৰ দেবেন্দ্ৰ নগৰৰ ৬৮ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (SSB observes its 58th Foundation Day)।

SSB foundation day
তেজপুৰত এছ এছ বিৰ প্ৰতিষ্ঠা দিৱস পালন

By

Published : Dec 17, 2021, 5:56 PM IST

তেজপুৰ,১৭ ডিচেম্বৰ :১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত তেজপুৰত জন্ম লাভ কৰা সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ২০ ডিচেম্বৰত ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে এছ এছ বিৰ দেবেন্দ্ৰ নগৰৰ ৬৮ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (SSB observes its 58th Foundation Day)। এছ এছ বিৰ তেজপুৰ ফ্ৰ'ন্টিয়াৰৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত পুৱা এছ এছ বিৰ তেজপুৰ ফ্ৰ'ন্টিয়াৰৰ মহাপৰিদৰ্শক প্ৰদীপ কুমাৰে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱান আৰু বিষয়াসকলৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তেজপুৰত এছ এছ বিৰ প্ৰতিষ্ঠা দিৱস পালন

ইয়াৰ পাছতে মহাপৰিদৰ্শকগৰাকীয়ে এছ এছ বিৰ ৬৮ বেটেলিয়নৰ ব্ৰহ্মপুত্ৰ পেৰেড গ্ৰাউণ্ডত এছ এছ বিৰ জোৱানসকলে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচ কাৱাজৰ অভিবাদন গ্ৰহণ কৰি ভাৰত চীন যুদ্ধৰ পিছত অঞ্চলটোৰ লোকসকলৰ নিৰাপত্তাৰ স্বাৰ্থত এছ এছ বি গঠন কৰাৰ কথা সদৰি কৰে । সম্প্ৰতি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ এছ এছ বিৰ ওপৰত বৰ্তমান ভাৰত-ভূটান, ভাৰত-নেপাল আৰু ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দায়িত্ব ন্যস্ত কৰাৰ কথা ব্যক্ত কৰে ।

অনুষ্ঠানত এছ এছ বিৰ সঞ্চালক প্ৰধানে ৮ গৰাকী বিষয়া জোৱানক সোণৰ পদক আৰু ২৭ গৰাকীক ৰূপৰ পদক প্ৰদান কৰাৰ লগতে মহাপৰিদৰ্শকে প্ৰশংসা পত্ৰ প্ৰদান কৰে । অনুষ্ঠানত এছ এছ বিৰ প্ৰশিক্ষিত কুকুৰৰ দক্ষতা আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত বড়ো নৃত্য আৰু বিহু নৃত্যৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক :Siang River festival : পাচিঘাটত অনুষ্ঠিত হ'ব চিয়াং নদী উৎসৱ

For All Latest Updates

ABOUT THE AUTHOR

...view details