অসম

assam

ETV Bharat / state

সীমান্তত নিৰাপত্তা বাহিনীৰ হোলী উদযাপন - Holi celebration in Assam

দেশজুৰি হোলী উদযাপন (Holi celebration in India) । নিৰাপত্তা বাহিনীৰ জোৱানসকলেও উদযাপন কৰিছে ৰঙৰ উৎসৱ হোলী । ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলা জেমিথাং চেক্টৰত সশস্ত্ৰ সীমা বলৰ ৬৭ বাহিনীয়ে উদযাপন কৰিছে হোলী ।

Holi celebration
সীমান্তত নিৰাপত্তা বাহিনীৰ হোলী উদযাপন

By

Published : Mar 18, 2022, 6:09 PM IST

তেজপুৰ,১৮ মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা । সমগ্ৰ দেশৰ লগতে অসমৰো ভিন্ন প্ৰান্তত ফাকুৱা বা হোলী উদযাপন কৰা হৈছে (Holi celebration in Assam)। সাধাৰণ নাগৰিকৰ লগতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকসকলৰ মাজতো দেখা গৈছে ফাকুৱাৰ আনন্দ । সীমান্তত কৰ্তব্যৰত জোৱান সকলেও পালন কৰিছে ৰঙৰ উৎসৱ ফাকুৱা ।

সীমান্তত নিৰাপত্তা বাহিনীৰ হোলী উদযাপন

ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলা জেমিথাং চেক্টৰত সশস্ত্ৰ সীমা বলৰ ৬৭ বাহিনীয়ে উদযাপন কৰিছে হোলী (SSB jawans celebrating Holi)। সীমান্তৰ পাহাৰৰ নামনিত অৱস্থিত শিবিৰত কৰ্তব্য ব্যস্ততাৰ মাজতো বিষয়া আৰু জোৱানসকলে একেলগে ফাকুৱা খেলি আনন্দ উল্লাহ কৰা দেখা গৈছে । সতীৰ্থ জোৱানসকলৰ লগত ৬৭ এছ এছ বিৰ কামাণ্ডাৰ ৰাজ কুমাৰক দেখা গৈছে ।

সীমান্তত নিৰাপত্তা বাহিনীৰ হোলী উদযাপন

জোৱানসকলে মিঠাই বিতৰণকে ধৰি পৰিয়াল বৰ্গৰ লগত একেলগে এই উৎসৱ উদযাপন কৰা দেখা গৈছে । উল্লেখ্য যে লুংলা আৰু জেমিথাং অঞ্চল ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ অতি স্পৰ্শকতাৰ । কিয়নো ট্ৰাই জংচন হিচাপে জনাজাত এই এলেকা ভাৰত-তিব্বত আৰু ভূটান সীমান্তত অৱস্থিত ।

সীমান্তত নিৰাপত্তা বাহিনীৰ হোলী উদযাপন

লগতে পঢ়ক :ফল্গুৎসৱ উপলক্ষে উখল মাখল পৰিৱেশ বটদ্ৰৱা থানৰ বাকৰিত

ABOUT THE AUTHOR

...view details