তেজপুৰ, 25 জুন:তেজপুৰৰ শালনিবাৰী বিমানবন্দৰত দেওবাৰৰে পৰা সংযোগ ঘটিল তৃতীয়খন যাত্ৰীবাহী বিমানৰ । প্ৰথম দিনাই মুঠ 30 গৰাকী যাত্ৰীলৈ তেজপুৰৰ পৰা কলকাতালৈ উৰা মাৰে যাত্ৰীবাহী বিমানখনে । স্পাইছ জেটৰ বিমানখনত আছে 70 খন আসন ৷
উল্লেখ্য যে, তেজপুৰৰ পৰা কলকাতা অভিমুখী অৰ্থাৎ কলকাতা সংযোগী বিমানৰ বাবে তেজপুৰৰৰ যাত্ৰীসকলে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছিল । ইয়াৰ উপৰিও দুখন এয়াৰলাইন্সৰ বিমান গুৱাহাটী, পাছিঘাট, তেজপুৰ হৈ কলকাতালৈ দৈনিক চলাচল কৰি আছে । পূৰ্বতে সপ্তাহত তিনিদিন কলকাতা সংযোগী বিমান চলাচল কৰিছিল যদিও সেয়া বিমান কৰ্তৃপক্ষই নিজৰ খেয়াল খুচি মতে যাত্ৰীৰ বাবে সেৱা আগবঢ়াইছিল । তেজপুৰ চহৰৰ পৰা দীৰ্ঘদিনীয়া দাবী থকা স্বত্বেও চৰকাৰী কৰ্তৃপক্ষই সেই দাবীলৈ কোনো ভ্ৰুক্ষেপ কৰা নাছিল ।
উল্লেখযোগ্য যে তেজপুৰ বিমানবন্দৰ তেজপুৰ বায়ুসেনা ঘাটিৰ সৈতে সংযোগ থকাৰ বাবে বিমানবন্দৰটোত বহু যাত্ৰীয়ে প্ৰৱেশত অসুবিধাৰ সন্মুখীন হৈ আহিছে । ইয়াৰ ফলস্বৰূপে যাত্ৰী কমি যোৱাৰ লগে লগেই বিমানৰো চলাচল হ্ৰাস পায় আহিছে বুলি জানিবলৈ পৰা গৈছে । পূৰ্বৰ দুই এয়াৰলাইন্সৰ বিমান 10.30 আৰু 1.30 বজাত তেজপুৰ বিমানবন্দৰ পৰা চলাচল কৰি আছিল আৰু 25 জুনৰ দিনা সংযোগ কৰা স্পাইছ জেটৰ লগতে মুঠ তিনিখন বিমান এতিয়াৰে পৰা দৈনিক চলাচল কৰিব ৷ তেজপুৰ বিমানবন্দৰৰ উপৰিও পৱনহংস সেৱা জিলাখনত চলাচল আছিল যদিও সেয়া অত্যাধিক ভাড়াৰ বাবে বেছিদিন নচলিব বুলি জানিবলৈ পৰা গৈছে । যিহেতু, এই সেৱাৰ যাত্ৰী তেনেই সীমিত ।