ৰঙাপৰা,9 এপ্ৰিল : বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি প্ৰদান কৰি আহিছে যদিও শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজিও চৰকাৰী সাহাৰ্য লাভ কৰা নাই এগৰাকী 58 বছৰীয়া মহিলাই ৷ দুয়োটা চকুৰে নেদেখা অৰ্থাৎ বিশেষভাৱে সক্ষম জয়মতী কৰোৱা নামৰ মহিলা গৰাকীয়ে এতিয়াও কটাই আছে এক দুৰ্বিসহ জীৱন ৷
ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাৰ অন্তৰ্গত ৰূপাজুলি ভঙাবিলত বসবাস কৰি থকা মহিলাগৰাকীয়ে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি অহা কোনো চৰকাৰী আঁচনিয়ে ঢুকি পাবলৈ সক্ষম নহ’ল । উল্লেখ্য যে, 2019 চনত স্বামীৰ মৃত্যু হোৱাৰ পাচৰে পৰা দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে এইগৰাকী মহিলাই । ইফালে মহিলা গৰাকীৰ একমাত্ৰ পুত্ৰ সন্তান বিৰ্জু কৰোৱাই বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ আজিলৈকে উভতি অহা নাই মাতৃৰ কাষলৈ ৷