অসম

assam

ETV Bharat / state

বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত তেজপুৰত সংগীত যাত্ৰা - ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা

বানৰ স্থায়ী সমাধানৰ বাবে এদল শিল্পীৰ বিশেষ অনুষ্ঠান ৷ অসমৰ বানৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটীৰ ড৹ ভূপেন হাজৰিকাৰ (Dr. Bhupen Hazarika) সমাধি ক্ষেত্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰা এদল শিল্পীয়ে তেজপুৰ চহৰত অৱস্থিত ঐতিহাসিক বান থিয়েটাৰৰ প্ৰাংগনত গীতৰ সুৰৰে আলোড়নৰ সৃষ্টি কৰে ।

Special Sangeet programme demanding permanent solution to floods in Tezpur
বানপানীৰ স্থায়ী সমাধানৰ দাবীৰে তেজপুৰত সংগীত যাত্ৰা

By

Published : Jul 7, 2022, 7:26 AM IST

তেজপুৰ, 7 জুলাই: ৰাজ্যজুৰি বানৰ বিভীষিকা (Flood in Assam)৷ অসমৰ এক অন্যতম তথা মূল সমস্যা হৈছে বান সমস্যা ৷ প্ৰত্যেক বছৰে বানৰ ফলত ধ্বংস হয় বহু পৰিয়ালৰ ঘৰ-বাৰী তথা বিনষ্ট হয় বহু সম্পদ ৷ তেজপুৰ চহৰত অৱস্থিত ঐতিহাসিক বান থিয়েটাৰৰ প্ৰাংগনত অসমৰ বানৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটীৰ ড৹ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰা এদল শিল্পীয়ে গীতৰ সুৰৰে আলোড়নৰ সৃষ্টি কৰে । ভাৰতৰত্ন সুধাকণ্ঠ ড৹ হাজৰিকাৰ কালজয়ী গীতৰ জৰিয়তে আৰম্ভ কৰা অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্দ্বীপ চামাৰীয়াই (Guwahati High Court lawyer Sandeep Samaria) কয় যে অসমৰ সাতাম পুৰুষীয়া বান পানীৰ সমস্যাৰ কোনো ধৰণৰ স্থায়ী সমাধান হৈ নুঠিল ।

বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত তেজপুৰত সংগীত যাত্ৰা

তেওঁ কয় যে, 2005 চনত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে প্ৰবৰ্তন কৰা দুৰ্যোগ প্ৰশমন আইনৰ কোনো ফলপ্ৰসূ ৰূপ দেখা নগ’ল । ইয়াৰ বিপৰীতে আজি অসমৰ 50 লাখ লোকৰ মাজত বানপানী এক বিভীষিকা হৈ ৰ’ল (Floods among 50 lakh people of Assam)। অসমৰ জনসাধাৰণৰ মাজত বানপানীৰ সমস্যা সমস্যা হৈয়ে থাকিল ।

তেওঁ পুনৰ কয় যে সুদীৰ্ঘ 20 বছৰ পূৰ্বে 2002 চনত ভাৰত চৰকাৰে প্ৰণয়ন কৰা water management Act ৰ ভিতৰত অসমৰ বানপানীৰ সমস্যা সামৰি লোৱা হৈছে যদিও আজিলৈকে কোনো ধৰণে উপকৃত হব পৰা নাই ।

সেয়ে তেওঁলোকে অসম চৰকাৰ তথা ভাৰত চৰকাৰক এই সমস্যাটো সমাধান কৰাৰ বাবে আহ্বান জনায় । অসমৰ বান সমস্যা সমাধানৰ বাবে এক নিৰ্দিষ্ট সময়ৰ প্ৰয়োজনীয়তাও আছে ।

লগতে তেওঁ তেজপুৰ বিমান বন্দৰ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ নামত নামকৰনৰ বাবেও দাবী জনায় ৷ ইয়াৰ পিছত শিল্পীৰ দলটেৱে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰক এক স্মাৰক প্ৰত্ৰও প্ৰদান কৰে ।

লগতে পঢ়ক:পাঁচবছৰত বানত ক্ষতি হ'ল অসমৰ ১৩,২২৭ কোটি টকাৰ সা-সম্পত্তি

For All Latest Updates

ABOUT THE AUTHOR

...view details