অসম

assam

ETV Bharat / state

তেজপুৰ ডিটেনচন কেম্প পৰ্যবেক্ষণ বিশেষ পৰ্যালোচনা সমিতিৰ - তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ ডিটেনচন কেম্প

অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত ডিটেনচন কেম্পত থকা লোকসকলৰ পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে গঠন কৰা বিশেষ পৰ্যালোচনা সমিতিয়ে আজি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰস্থিত ডিটেনচন কেম্প পৰিদৰ্শন কৰে ৷ আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জীয়ে কয় যে, আজিৰে পৰা এই পৰ্যবেক্ষণ আৰম্ভ হৈছে ,বিশেষকৈ এই পৰ্যবেক্ষণত লোকসকলৰ তথা শিশু সকলৰ শিক্ষা প্ৰদান কৰা ক্ষেত্ৰত আলোকপাত কৰা হয় ৷

Special Review team visit Tezpur Central Jail Detention Camp

By

Published : Nov 2, 2019, 6:48 PM IST

তেজপুৰ, 2 নৱেম্বৰঃ অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত ডিটেনচন কেম্পত থকা লোকসকলৰ পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে গঠন কৰা বিশেষ পৰ্যালোচনা সমিতিয়ে আজি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰস্থিত ডিটেনচন কেম্প পৰিদৰ্শন কৰে ৷ সমিতিৰ সভাপতি তথা আৰক্ষী উপ মহাপৰিদৰ্শক(সীমান্ত) ডি মুখাৰ্জীৰ লগত আৰক্ষী মহাপৰিদৰ্শক (কাৰাগাৰ) বৰ্ণালী শৰ্মা, অৱসৰ প্ৰাপ্ত জিলা ন্যায়াধীশ এইচ সিং ,এ আই জি (কাৰাগাৰ) ,দি শইকীয়া সমন্বিতে অন্যান্য মুঠ ৭ জনীয়া দল উপস্থিত হৈ ডিটেনচন কেম্পত থকা লোকসকলৰ অৱস্থাৰ বুজ লয় ৷

আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জী

আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জীয়ে কয় যে, আজিৰে পৰা এই পৰ্যবেক্ষণ আৰম্ভ হৈছে ৷ বিশেষকৈ এই পৰ্যবেক্ষণত লোকসকলৰ তথা শিশু সকলৰ শিক্ষা প্ৰদান কৰা ক্ষেত্ৰত আলোকপাত কৰা হয় ৷ আনহাতে, যি সকল লোকৰ ইতিমধ্যে ৩ বছৰ সময় উকলি গৈছে চৰকাৰে তেখেতসকলক বিতাৰণ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেখতে এই বিষয়ে আলোচনা চলি থকা বুলি ব্যক্ত কৰে ৷

আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জী

উল্লেখ্য যে, এই পৰ্যন্ত তেজপুৰ ডিটেনচন কেম্পত প্ৰায় ৭৪ জন বিতাৰণ কৰিবলগীয়া বন্দী আছে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details