তেজপুৰ,২০ আগষ্ট: ডিফেন্স ৰিচাৰ্চ লেব'ৰেটৰী (ডি আৰ এল) ডি আৰ ডি অ' তেজপুৰৰ সহযোগত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত আজি 'মেন্টিজ ডেভেলপমেণ্ট প্ৰগ্ৰেম'ৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক মেণ্টৰিং আৰু কাউন্সেলিঙৰ জৰিয়তে ব্যাপক সহায় আগবঢ়োৱা । ছাত্ৰ-ছাত্ৰীসকলকৰ কেৰিয়াৰৰ অগ্ৰগতি সৱল কৰাৰ লগতে তেওঁলোকক সমাজ আৰু জাতিৰ ভৱিষ্যতৰ বাবে মূল্যৱান সম্পদ হ’বলৈ শক্তিশালী কৰিবলৈ এনেধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
শোণিতপুৰ জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ভাল ফলাফল লাভ কৰা ১১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীৰ আৰম্ভণিতে জ্যেষ্ঠ বিজ্ঞানীয়ে আদৰণি ভাষণত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ দিশত ডি আৰ ডি অ'ৰ অৱদানৰ বিষয়ে চমু বৰ্ণনা কৰা হয় ।
ইপিনে, বিগত ছয় দশকত সংস্থাটোৰ সামগ্ৰিক সাফল্যৰ ওপৰত আলোকপাত কৰা হয় । তদুপৰি তেওঁ মিছাইল, যুঁজাৰু বিমান, ৰাডাৰ, ছ'লাৰ, ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থা আৰু জীৱন সহায়ক প্ৰযুক্তিৰ ক্ষেত্ৰত ডি আৰ ডি অ'ৰ কৃতিত্বৰ বিষয়েও উল্লেখ কৰে।
জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে ডি আৰ এল তেজপুৰৰ ভূমিকা আৰু কৃতিত্বৰ বিষয়েও ব্য়াখ্য়া কৰে । তদুপৰি ভেক্টৰ নিয়ন্ত্ৰণ,পানীৰ গুণাগুণ উন্নত কৰা, ঔষধ প্ৰযুক্তি, জৈৱ-প্ৰস্পেক্টিং,উচ্চ উচ্চতাৰ কৃষি আৰু জৈৱ-আৱৰ্জনা ব্যৱস্থাপনাৰ মূল দক্ষতাসমূহকে ধৰি বিভিন্ন ক্ষেত্ৰৰ আভাস দিয়ে ।