তেজপুৰ, ২৯ জুন : নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে বুধবাৰে তেজপুৰৰ বাণ থিয়েটাৰত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এক বিশেষ দিক নিৰ্ণায়ক কাৰ্য্যসূচী অনুষ্ঠিত কৰে (Special orientation program of ABSU at Sonitpur)। নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি খৰেন্দ ওৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বিশেষ দিক নিৰ্ণায়ক কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া কবিতা ফাংচুৱে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰীয় আৰু ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে কেনেদৰে নিজকে প্ৰস্তুত কৰিব লাগিব সেই সম্পৰ্কে বাখ্যা কৰে ।
দিক নিৰ্ণায়ক কাৰ্য্যসূচীত ফাংচুৱেও কয় যে তেওঁ নিজে এটা সাধাৰণ পৰিয়ালৰ ছাত্ৰী হিচাপে অসম অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ সফল হৈছিল । সেই বিষয়ে বিতং বাখ্যা কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে বিষয়াগৰাকীয়ে ।