অসম

assam

ETV Bharat / state

2014ত NDFBৰ নৰসংহাৰঃ নিয়াৰ আদালতত ন্যায় পালে ভুক্তভোগীয়ে - etv bharat

অপৰাধীক সাত বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমণা

2014 উগ্ৰপন্থী আক্ৰমণঃ নিয়াৰ আদালতত ন্যায় পালে ভুক্তভোগীয়ে

By

Published : Jul 3, 2019, 10:38 PM IST

তেজপুৰ, 3 জুলাইঃ 2014 বৰ্ষৰ ডিচেম্বৰত সংঘটিত হোৱা উগ্ৰপন্থী আক্ৰমণত জড়িত থকাৰ অপৰাধত বুধবাৰে এনডিএফবি সংবিজিতৰ সদস্য খামৰেই বসুমতাৰী উৰফে উলাক দোষী সাব্যস্ত কৰিলে নিয়াৰ বিশেষ আদালতে ৷

সাত বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 10000 টকাৰ জৰিমণাও বিহে আদালতে ৷ এই ধন পৰিশোধ কৰিব নোৱাৰিলে পুনৰ 6 মাহৰ কাৰাদণ্ড বৃদ্ধি কৰাৰ ৰায় দিয়ে নিয়াৰ বিশেষ আদালতে ৷ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধী) , 1967-ৰ আধাৰত অধীনত গোচৰ ৰুজু কৰি কাৰাদণ্ড বিহা হয় কোকৰাঝাৰৰ আবাসী বসুমতাৰীক ৷

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলিৰ সোণাজুলিৰ 9 আৰু 10 নং লাইনত সংঘটিত হোৱা এই আক্ৰমণত 30 জন আদিবাসী লোকক গুলীয়াই হত্যা কৰা হৈছিল ৷ সেই সময়ত নিষিদ্ধ সংগঠনটোৰ চেকেণ্ড লেফ্টেনেণ্টৰুপে কৰ্মৰত আছিল ৷

ABOUT THE AUTHOR

...view details