তেজপুৰ,১ জুন : দেওবাৰে কৰ্ণাটকৰ মাইচুৰ চহৰৰ পৰা এখন বিশেষ শ্ৰমিক ৰে'ল গুৱাহাটীলৈ যাত্ৰা কৰে ৷ বাংগালুৰুত আৱদ্ধ হৈ থকা অসমৰ শ্ৰমিক সকলৰ প্ৰতি লক্ষ্য ৰাখি বাংগালুৰু আৰক্ষী প্ৰশাসনে ৰে'লখনৰ জৰিয়তে বাংগালুৰু চহৰৰ ৰে'ল ষ্টেছনৰ পৰা কিছুসংখ্যক লোকক অসমলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিয়ে ।
উল্লেখ্য যে, বাংগালুৰু আৰক্ষী প্ৰশাসন খবৰ অনুসৰি অসমলৈ শ্ৰমিক ৰে'ল সেৱা চলিব বুলি খবৰ লাভ কৰা পাচতে অসম এছ'চিয়েচন বাংগালুৰুৰ স্বেচ্ছাসেৱক সকলে কৰ্ম সংস্থাপন হেৰুৱাই বাংগালুৰুৰ বিভিন্ন স্থানত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে যোগাযোগ কৰি ৰে'লখনত নিজ গৃহ ৰাজ্যলৈ আহিবলৈ সুবিধা কৰি দিয়ে ৷
কৰ্ণাটক পৰা অসম অভিমুখে যাত্ৰা বিশেষ শ্ৰমিক ৰে'ল সেৱা অসমলৈ যাত্ৰা কৰা এই শ্ৰমিকসকলৰ নাম পঞ্জীয়ন কৰি প্ৰতিজন যাত্ৰীক “Tripura Vasini White Petals" ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত যাত্ৰী সকলক বাগালুৰু মহানগৰ পৰিৱহণৰ বাছ সেৱাৰে কেএছআৰ বাংগালুৰু চহৰৰ ৰে'ল ষ্টেছনলৈ অনা হয় । আৰু তাৰ পাচতে দেওবাৰে সন্ধিয়া প্ৰায় ৮ বজাত অসম অভিমুখে যাত্ৰা কৰে ৰে'লখনে ।
কৰ্ণাটক পৰা অসম অভিমুখে যাত্ৰা বিশেষ শ্ৰমিক ৰে'ল সেৱা আনহাতে, বাংগালুৰু চহৰৰ আৰক্ষী প্ৰশাসনকে ধৰি ৰে'ল বিভাগ, BMTC,স্বাস্থ্য কৰ্মীসকলক অসম এছ'চিয়েচনৰ তৰফৰ পৰা শ্ৰমিক সকলক ৰে'ল সেৱাৰ ব্যৱস্থা কৰি দিয়া বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে যি সকল ব্যক্তি বাংগালুৰু চহৰত বিপদৰ সন্মুখীন হৈছে তেওঁলোকে অসম এছ'চিয়েচন বাংগালুৰুৰ 94497-01041 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷ অসম এছ'চিয়েচন বাংগালুৰুৱে তেওঁলোকৰ তৰফৰপৰা সাধ্যানুসাৰে সহায় কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে ৷
কৰ্ণাটক পৰা অসম অভিমুখে যাত্ৰা বিশেষ শ্ৰমিক ৰে'ল সেৱা