অসম

assam

ETV Bharat / state

কোভিড-19 সজাগতা : বিমানসেৱা প্ৰাধিকাৰী আৰ এন সিঙৰ সৈতে বিশেষ সাক্ষাৎকাৰ

অতি শীঘ্ৰে উত্তৰ-পূৰ্বাঞ্চল সংযোগী বিমানবন্দৰত চলাচল কৰিব আন্তঃৰাষ্ট্ৰীয় কাৰগো বিমান ৷ বৰ্তমান তেজপুৰলৈ দৈনিক এখন বিমান চলাচল কৰিছে যদিও বিমানত বাহিৰৰ পৰা অহা যাত্ৰীতকৈ বাহিৰলৈ যোৱা যাত্ৰীৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে ৷ অৱশ্য়ে বিমানত কোভিড-19 বাবে ল'বলগীয়া সকলো সাৱধানতা অৱলম্বন কৰাৰ কথা জনালে বিমানবন্দৰৰ কৰ্তৃক্ষই ৷

By

Published : Jun 30, 2020, 10:00 PM IST

special interview with tezpur airport authority about covid precaution in flight
special interview with tezpur airport authority about covid precaution in flight

তেজপুৰ, 30 জুন : ভাৰতৰ চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰৱৰ্তন কৰা নীতি-নিৰ্দেশনা অনুসৰি যোৱা ২৫ মে'ৰ পৰা ঘৰুৱা বিমানৰ চলাচল আৰম্ভ হয় যদিও তেজপুৰ বিমান বন্দৰত ২৮ মে'ৰ পৰাহে আৰম্ভ হৈছিল বিমানৰ চলাচল । মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বাহিৰৰ পৰা অহা যাত্ৰীতকৈ বাহিৰলৈ যোৱা যাত্ৰীৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে । সম্পূৰ্ণ সামাজিক দূৰত্বত বজাই ৰাখি বিমান সমূহত যাত্ৰীৰ অহা যোৱা চলিছে বুলি জানিবলৈ দিয়ে তেজপুৰ বিমানবন্দৰ বিমানসেৱাৰ প্ৰাধিকাৰী আৰ এন সিঙে ।

তেওঁ কয় যে, বিমানৰ প্ৰত্যেক বিষয়াই SOP অনুসৰি যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ এক বিৱৰণ লৈ বিমানৰ তৰফৰ পৰা যাত্ৰীক এখন মাস্ক, হেণ্ড চেনিটাইজাৰ আৰু এটা হেড প্ৰটেক্ট প্ৰদান কৰে । বিমানৰ ভিতৰত সকলোৱে এই মাস্ক ব্যৱহাৰৰ কৰাটো বাঞ্ছনীয় ।

শালনিবাৰী বিমান বন্দৰ

উল্লেখযোগ্য যে বিমানৰ ক্ৰু মেম্বাৰ সকলে পি পি ই কীট ব্যৱহাৰ কৰি যাত্ৰীসকলক প্ৰয়োজনীয় সকলো যোগান ধৰে । বিমানৰ অৱতৰণৰ সময়ত সকলো কৰ্মীয়ে একেদৰেই পি পি ই ব্যৱহাৰ কৰে । যাত্ৰীক নমাই অনা লগে লগে বিমানৰ কৰ্মীয়ে স্কেনিং কৰে তাৰ পিছত ৰাজ্যিক চিকিৎসকৰ দলে সম্পূৰ্ণ তথ্য লৈ কোৱাৰেণ্টাইনলৈ পঠিয়াই দিয়ে । কোভিড-১৯ ৰ সময়ত যাত্ৰীৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে বিমান কৰ্তৃপক্ষই । যাত্ৰী নামি অহাৰ লগে লগে চেনিটাইজাৰ আৰু ডিচইনফেক্ট কৰে ।

যাত্ৰীৰ মতে বিমানৰ ভিতৰত মাস্ক দিয়ে আৰু ইয়াক ব্যৱহাৰ কৰাটো অপৰিহাৰ্য । অন্তিম সময়ত যাত্ৰীৰ টিকট ঘূৰাই দিয়াৰ বাবে সেই বিমানৰ কৰ্তৃপক্ষই যাত্ৰীৰ লগত যোগাযোগৰ ব্যৱস্থা কৰিছে । কিন্ত বৰ্তমান তেজপুৰৰ ক্ষেত্ৰত সেই প্ৰক্ৰিয়া হোৱা নাই বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

তেজপুৰ বিমানবন্দৰ বিমানসেৱাৰ প্ৰাধিকাৰী আৰ এন সিঙৰ সৈতে বিশেষ সাক্ষাৎকাৰ

তেজপুৰ বিমানবন্দৰত লক ডাউনৰ পূৰ্বে এখন বিমান চলাচল কৰিছিল যদিও যাত্ৰীৰ সংখ্যা যথেষ্ট আছিল ৷ কিন্ত কোভিড-১৯ ৰ বাবে ঘোষণা কৰা লক্ ডাউনৰ পিছত পূৰ্বৰ দৰেই এখন বিমান প্ৰতি তিনিদিনে কলিকতা-গুৱাহাটী-পাচিঘাট-তেজপুৰলৈ চলাচল কৰি আছে যদিও এই সময়ছোৱাত উভতি যোৱা যাত্ৰীহে বেছি ।

পূৰ্বতে কলিকতাৰ পৰা পোনপটীয়াকৈ তেজপুৰ লৈ বিমান চলাচল কৰিছিল । বৰ্তমান এয়াৰ ইণ্ডিয়াৰ ৭০ খন আসনৰ এ টি আৰ বিমান চলাচল কৰে তেজপুৰলৈ । অতি শীঘ্ৰে উত্তৰ-পূৰ্বাঞ্চল সংযোগী বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় কাৰগো বিমান চলাচল কৰিব বুলিও জনালে বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক :কোটি টকীয়া কেলেংকাৰীঃ দুজনক আটক আৰক্ষীৰ

ABOUT THE AUTHOR

...view details