তেজপুৰ,9 ছেপ্তেম্বৰ: 1962 চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত-চীন সীমান্তত বন্দুকৰ ঝনঝননি ৷ ইষ্টাৰ্ণ লাডাখৰ পেংগলেকৰ ৰিজনগলা ছেক্টৰত ভাৰতীয় সেনাই বাধ্য হৈ গুলীবর্ষণ কৰে সীমান্তৰ দিশে ৷ 1962 চনত ৰিজনগলাত চীনা সৈন্যই এই স্থানতে ভাৰতীয় সৈন্যক গুলীয়াই শ্বহীদ কৰিছিল, পৰৱৰ্তী সময়ত ভাৰতীয় সৈন্যই এই সীমা নিজৰ দখলত আনিবলৈ সক্ষম হয় ৷ এই মন্তব্য আগবঢ়াইছে উক্ত স্থানত কৰ্মৰত প্ৰাক্তন ভাৰতীয় সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল এ কে নন্দীয়ে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সুকীয়া সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে কয়,1962 চনৰ ভাৰত এতিয়া আৰু নাই ৷ আজি ভাৰতীয় সৈন্যবাহিনী স্থল,বায়ু,জল আদি সকলো ক্ষেত্ৰতে উন্নত ৷
ভাৰতীয় সৈন্য অপ্ৰতিৰোধ্য: লেফটেনেণ্ট কৰ্ণেল এ কে নন্দী - ইটিভি ভাৰত
প্ৰাক্তন ভাৰতীয় সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল এ কে নন্দীৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷
1962 চনত চীনা যুদ্ধত এয়াৰ ফ’ৰ্চ ব্যৱহাৰ কৰা হোৱা নাছিল কিন্তু এতিয়া ৰাফেল যুদ্ধ বিমান ভাৰতীয় বায়ু সেনাত 10 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণভাৱে অংশীদাৰ হ’ব ৷ লগতে চীনৰ লগত ভাৰতৰ স্থায়ী সীমা সমাধান নোহোৱা পর্যন্ত চীনে এনেধৰণৰ কাৰ্যকলাপ সদায় কৰি যাব যদিহে ভাৰত চৰকাৰে এই সমস্যাৰ সমাধান নকৰে ৷ আনহাতে, 5 গৰাকী অৰুণাচলৰ যুৱকক চীনে সীমান্তত আৱদ্ধ কৰি থোৱাৰ বিষয়ে ইতিমধ্যে স্বীকাৰ কৰিছে ৷ যুৱক কেইগৰাকীক পুনৰ ঘূৰাই আনিবলৈ অৰুণাচল প্ৰদেশৰ তিনি সীমান্ত ক্ৰমে বুমলা পাছ, কামেং সীমান্ত, কিবেঠু পাছ আদি ব্যৱহাৰ কৰিব পাৰে বুলি প্ৰাক্তন বিষয়া গৰাকীয়ে উল্লেখ কৰে ৷
লগতে চাওকঃআছুৱে আবদ্ধ কৰিলে নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা বাহন