অসম

assam

ETV Bharat / state

শোণিতপুৰত ক’ভিড ব্যৱস্থাপনাৰ পৰ্যালোচনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এটি দলৰ

বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰ জিলা প্ৰশাসন (Sonitpur District Administration)ৰ সৈতে এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এটি বিশেষ দল ৷ জিলাখনত প্ৰশাসনে ক’ভিড পৰীক্ষা, প্ৰতিষেধক (Vaccine) প্ৰদানৰ বাবে লোৱা পদ্ধতিৰ লগতে বিশেষকৈ চাহ বাগিচা অঞ্চলৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ বুজ লয় দলটোৱে ৷

By

Published : Jul 16, 2021, 11:59 AM IST

review on covid management
ক’ভিড ব্যৱস্থাপনাৰ পৰ্যালোচনা

তেজপুৰ, 16 জুলাই : শোণিতপুৰ জিলাৰ ক’ভিড ব্যৱস্থাপনা (Covid Management) সন্দৰ্ভত জিলা প্ৰশাসন (Sonitpur District Administration)ৰ সৈতে এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এটি বিশেষ দুজনীয়া দলে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সদৌ ভাৰতীয় স্বাস্থ্য বিজ্ঞান আৰু জনস্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালিকা তথা অধ্যাপক ডাঃ মধুমিতা ডুবে আৰু দিল্লীৰ লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজৰ সহযোগী অধ্যাপিকা ডাঃ গৰিমা আগৰৱালাই বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈ জিলা প্ৰশাসনে লোৱা বিভিন্ন পদক্ষেপৰ বুজ লয় ৷ এক বৈঠকত মিলিত হৈ জিলাখনত প্ৰশাসনে ক’ভিড পৰীক্ষা, প্ৰতিষেধক (Vaccine) প্ৰদানৰ বাবে লোৱা পদ্ধতি, সক্ৰিয় কণ্টেইনমেন্ট জ’ন (Containment Zone), ILI/SARIৰ বাবে ক্ষেত্ৰ পৰ্যায়ত স্বাস্থ্যকৰ্মীৰ দ্বাৰা কৰা নিৰীক্ষণ আৰু বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা বিশেষ পদক্ষেপসমূহৰ বুজ লয় দলটোৱে ৷

ক’ভিড ব্যৱস্থাপনাৰ পৰ্যালোচনা

বৈঠকৰ অন্তত দলটোৱে তেজপুৰৰ বিভিন্ন ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ (Covid Vaccine Centre)ত চলি থকা প্ৰক্ৰিয়া পৰিদৰ্শন কৰাৰ লগতে তেজপুৰৰ পৰোৱাস্থিত মাতৃ আৰু শিশু চিকিৎসালয়ত উপস্থিত হৈ তাত উপলব্ধ সুবিধাসমূহৰ বিষয়ে বুজ লয় ৷ ইয়াৰ পাচতে তেওঁলোকে হাড়চূৰা চাহ বাগিচাত উপস্থিত হৈ তাত স্থাপন কৰা ক’ভিড কেয়াৰ চেন্টাৰ (Covid Care Centre) পৰিদৰ্শন কৰি স্থানীয় শ্ৰমিকসকলৰ লগত মত বিনিময় কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ৷

জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, বন্তি তালুকদাৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড৹ জে. আহমেদ, ডাঃ প্ৰদীপ লহকৰ আৰু অন্যান্য বিষয়াৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় দলটোৱে ৷ কেন্দ্ৰীয় দলটোৰ সৈতে ৰাজ্যিক পতংগততত্ববিদ ডাঃ ৰমেশ ভট্টও উপস্থিত থকা বুলিও জানিব পৰা গৈছে ৷

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ক’ভিডক লৈ জিলা প্ৰশাসনসমূহৰ লগতে ৰাজ্য চৰকাৰো কঠোৰ হোৱা দেখা গৈছে ৷ বৰ্তমানো ৰাজ্যত অব্যাহত আছে লকডাউন (Lockdown) ৷ ইতিমধ্যে কেইবাখনো জিলা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে চৰকাৰে ৷ ৰাজ্যৰ ক’ভিড সংক্ৰমণৰ ক্ষেত্ৰত ব্যৱস্থাপনা গ্ৰহণ কৰিবলৈ সক্ৰিয় হৈ পৰিছে প্ৰতিখন জিলাৰ প্ৰশাসন ৷

লগতে পঢ়ক :আজি পুৱাই পুনৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

ABOUT THE AUTHOR

...view details