অসম

assam

ETV Bharat / state

মণিপুৰস্থিত অসম ৰাইফলছ বেটেলিয়নত উপস্থিত ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া - ভাৰত ম্যানমাৰ সীমান্ত

Indian Army visit town of Moreh Manipur : মণিপুৰৰ ম’ৰেহ চহৰস্থিত অসম ৰাইফলছ বেটেলিয়নত উপস্থিত ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া ৷ নিৰাপত্তাৰ দিশটোৰ সন্দৰ্ভত বিশেষ আলোচনা কৰিবলৈ মিলিত হয় সেনাৰ উচ্চপদস্থ বিষয়াসকল ৷

spear corps indian army visit town of moreh manipur
মণিপুৰস্থিত অসম ৰাইফলছ বেটেলিয়নত উপস্থিত ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 8:59 AM IST

তেজপুৰ 10 জানুৱাৰী : নিৰাপত্তা ব্যৱস্থাৰ লগতে বিভিন্ন বিষয়ত অসম ৰাইফলছৰ উচ্চপদস্থ বিষয়াৰ সৈতে আলচনাৰ বাবে মণিপুৰৰ টেংনুপাল জিলাৰ ম’ৰেহ চহৰস্থিত অসম ৰাইফলছ বেটেলিয়নত উপস্থিত হয় জেনেৰেল কমাণ্ডিং অফিচাৰ চমুকৈ ডি অ’ চি স্পিয়াৰকৰ্পছ আৰু ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া ৷

লেফটেনেণ্ট জেনেৰেল এইচ চাহী, এ ভি এছ এম, ৱাই এছ এম, এছ এম, জেনেৰেল অফিচাৰ কমাণ্ডিং স্পিয়াৰ কৰ্পছ শীৰ্ষ বিষয়াই মঙলবাৰে অসম ৰাইফলছ বেটেলিয়নৰ উচ্চপদস্থ বিষয়াৰ সৈতে নিৰাপত্তাৰ সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰে । এই ভ্ৰমণৰ সময়ত জি অ’ চিয়ে বিভিন্ন সামাজিক সংস্থাসমূহৰ সৈতেও এক বিস্তৃত আলোচনাতো মিলিত হয় ৷

মণিপুৰস্থিত অসম ৰাইফলছ বেটেলিয়নত উপস্থিত ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া

তেওঁলোকৰ ভ্ৰমণৰ উদ্দেশ্য আছিল সমন্বয় বৃদ্ধি কৰা, স্থলসেনাৰ বাস্তৱতাক বুজি পোৱা, সামৰিক নেতৃত্ব আৰু কাৰ্যকৰী ইউনিটৰ মাজত মুকলি যোগাযোগৰ মাধ্যম গঢ়ি তোলা সন্দৰ্ভত আলোচনা কৰা ৷ উল্লেখ্য যে, 2023 বৰ্ষৰ 2 নৱেম্বৰত মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত এক বিশেষ অভিযান চলাই আৰক্ষীয়ে 32 জনকৈ ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছিল ।

মণিপুৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, উক্ত দিনা মণিপুৰৰ সীমান্তৱৰ্তী চহৰ ম’ৰেহত এজন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰাৰ পিছত নিৰাপত্তাৰক্ষীয়ে এক যৌথ অভিযান চলাইছিল ৷ অভিযানতে 32 জনকৈ ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হয় ৷
গ্ৰেপ্তাৰ কৰা 32 অনুপ্ৰৱেশকাৰীৰ ভিতৰত দহজনক অধিক সোধা-পোছাৰ বাবে ইম্ফললৈ লৈ যোৱা হৈছিল আৰু বাকী 22 জনক ম’ৰেহ থানাত ৰখা হয় । এই ঘটনাৰ পিচতে ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া মণিপুৰত উপস্থিত হয় । আনহতে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ বাবে ৰাজ্যখনত উদ্ভৱ হোৱা নিৰাপত্তাৰ দিশটোৰ সন্দৰ্ভত ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া আৰু অসম ৰাইফলছ বেটেলিয়নৰ শীৰ্ষ বিষয়াৰ মাজত বিশেষ আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :শোণিতপুৰ প্ৰশাসনৰ বিশেষ পদক্ষেপ, চাৰিশ বছৰীয়া স্তম্ভলিপি সংৰক্ষণৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details