অসম

assam

ETV Bharat / state

চতিয়াত কংগ্ৰছৰ অৱস্থান ধৰ্মঘট - ন-দুৱাৰ ব্লক কংগ্ৰেছ কমিটি

পেট্ৰল,ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চতিয়াত কংগ্ৰছৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন, ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷

soteia  congress protest aginest  bjp govtment incrise petrol disel price
চতিয়াত কংগ্ৰছৰ অৱস্থান ধৰ্মঘট

By

Published : Jul 2, 2020, 7:12 PM IST

চতিয়া,২জুলাইঃ ধাৰাবাহিক ভাবে পেট্ৰল,ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বভাৱিক মুল্য বৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে ন-দুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি জামুগুৰি হাটৰ চৈবাৰীৰ কেন্দ্ৰস্থলত অৱস্থান ধৰ্মঘট আৰু ধৰ্না কাৰ্যসূচী পালন কৰে ৷ সম্প্ৰতি চলি থকা কৰ‘ণাৰ আতংকৰ বাবে কংগ্ৰেছ দলৰ কম সংখ্যক বিষয়ববীয়াই সামাজিক দূৰত্ব মানি চলি বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰৰ বৰ্তমান কাৰ্যকালত চলি থকা পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত 'হাতে হাতে প্লে কাৰ্ড লৈ" বিজেপি গ বেক' বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে প্ৰতিবাদস্থলী মুখৰিত কৰি তোলে ৷

চতিয়াত কংগ্ৰছৰ অৱস্থান ধৰ্মঘট

আজিৰ কাৰ্যসূচীত কংগ্ৰেছ দলৰ জিলা পৰ্যায়ৰ বহু কেইগৰাকী বিষয়ববীয়াৰ উপৰি মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ এন এছ ইউ আইৰ বিষয়ববীয়া উপস্থিত আছিল ৷ প্ৰতিবাদৰ অন্তত চতিয়া ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ন-দুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ গোলাঘাটত ৬ গৰাকী চিকিৎসাকৰ্মীৰ দেহত COVID-19

ABOUT THE AUTHOR

...view details