চতিয়া, 30 মে’: শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত টৌভঙাৰ গোপাল চন্দ্ৰ কোঁচ নামৰ লোকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল মহাভাৰতৰ শ্ৰীকৃষ্ণ-অৰ্জুনৰ যুঁজাৰু ৰথ ৷ শোণিতপুৰৰ ভাস্কৰ্য শিল্পীজনে জানিবলৈ দিয়া মতে, এই যুঁজাৰু ৰথখন শোণিতপুৰৰ লখৰা অঞ্চলত অৱস্থিত ঐতিহাসিক কলিয়া গোঁসাই থানত প্ৰদান কৰিব তেওঁ ।
এগৰাকী ভাস্কৰ্য শিল্পীৰ হাতত প্ৰাণ পালে কৃষ্ণাৰ্জুনৰ যুঁজাৰু ৰথ - ৰথখন ঐতিহাসিক কলিয়া গোঁসাই থানত প্ৰদান
শোণিতপুৰৰ টৌভঙাৰ গোপাল চন্দ্ৰ কোঁচে নিজ হাতেৰে বিভিন্ন তৈয়াৰ কৰে ভাস্কৰ্য শিল্প ৷ এইবাৰ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠে মহাভাৰতৰ শ্ৰীকৃষ্ণ-অৰ্জুনৰ যুঁজাৰু ৰথ ৷ তেওঁ এই ৰথখন ঐতিহাসিক কলিয়া গোঁসাই থানত প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

এগৰাকী ভাস্কৰ্য শিল্পীৰ হাতত প্ৰাণ পালে কৃষ্ণাৰ্জুনৰ যুঁজাৰু ৰথ
এগৰাকী ভাস্কৰ্য শিল্পীৰ হাতত প্ৰাণ পালে কৃষ্ণাৰ্জুনৰ যুঁজাৰু ৰথ
উল্লেখ্য যে, 1981 চনৰ 20 নৱেম্বৰত জীয়াভৰলী নদীৰ গৰাখহনীয়াত আক্ৰান্ত হোৱা গোপাল চন্দ্ৰ কোঁঁচে এই ভাস্কৰ্যসমূহ তৈয়াৰ কৰি নিজ স্বাৱলম্বীতাৰ পথ দেখুওৱাৰ লগতে তেওঁৰ পৰিয়ালটিক সুন্দৰকৈ ভৰণ-পোষণ দি আছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ হাতৰ বিদ্যাৰে এনেদৰে জীৱনটোক আগবঢ়াই নিয়া কাৰ্যৰ শলাগ লৈছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি কিমানদূৰ সত্য !