অসম

assam

ETV Bharat / state

অবৈধ বেদখলঃ চৰ চাপৰি অঞ্চল পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ - বিধায়ক পদ্ম হাজৰিকা

চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে বুধবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জিলা উপায়ুক্তৰ লগত পৰিদৰ্শন কৰে সীমামুৰীয়া মকুৱা চাপৰি,ভৰলী চাপৰিকে ধৰি কেবাটাও চৰ চাপৰি অঞ্চল ৷

SOOTEA SOR SAPORI AREA INSPECTION BY MLA PADMA HAZARIKA ETV NEWS ASSAM
চৰ চাপৰি অঞ্চল পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ

By

Published : Feb 6, 2020, 10:24 AM IST

চতিয়া,6 ফেব্ৰুৱাৰী: চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ দক্ষিণ পশ্চিম অঞ্চলৰ চৰ চাপৰি অঞ্চলসমুহ বুধবাৰে বিয়লি পৰিদৰ্শন কৰে শোণিতপুৰ জিলা উপায়ুক্ত সহ স্থানীয় বিধায়ক পদ্ম হাজৰিকাই ৷ বিগত বৰ্ষৰ ৬ ডিচেম্বৰত জিলা প্ৰশাসনে চৰকাৰী মাটি বেদখল কৰি বসবাস কৰা প্ৰায় ৫ শতাধিক লোকৰ বাসগৃহ ভাঙি উচ্ছেদ চলোৱাৰ পিছত উচ্ছেদিত লোকসকলৰ একাংশই চতিয়া আৰু তেজপুৰ সমষ্টিৰ সীমামূৰীয়া চৰ চাপৰি অঞ্চলসমুহত পুনৰ অস্থায়ী গৃহ নিৰ্মাণ কৰি বসবাস কৰি আহিছিল ৷ এই তথ্য লাভ কৰিছিল জিলা প্ৰশাসনে ৷

চৰ চাপৰি অঞ্চল পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ

সেয়েহে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে বুধবাৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই জিলা উপায়ুক্তৰ লগত পৰিদৰ্শন কৰে সীমামুৰীয়া মকুৱা চাপৰি,ভৰলী চাপৰিকে ধৰি কেবাটাও চৰ চাপৰি অঞ্চল ৷ পৰিদৰ্শনকালত বন বিভাগ,ৰাজহ বিভাগ,কৃষি বিভাগকে ধৰি কেবাটাও বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে দলটোৰ লগত ৷

আনহাতে পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই তেজপুৰ আৰু চতিয়া সমষ্টিৰ সীমামূৰীয়া চৰ চাপৰি অঞ্চলত বিবাদমান হৈ থকা ভূমিৰ সীমা বিবাদটোও সোনকালেই নিষ্পত্তি হ’ব বুলি উল্লেখ কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ সমীপৱৰ্তী চৰ চাপৰি অঞ্চলৰ অন্তৰ্গত মকুৱা আৰু ভৰলী চাপৰিৰ বৃহৎ অংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে ৷

লগতে চাওকঃবোকাখাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

ABOUT THE AUTHOR

...view details