চতিয়া,21 ডিচেম্বৰ: শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস ৷ অঞ্চলটোৰ ধৰ্মীয় অনুষ্ঠানসমূহক লক্ষ্য কৰি লৈছে চোৰে ৷ চাৰিদিন পূৰ্বে কুসুমটোলাৰ পদ্মপুৰ নামঘৰত প্ৰৱেশ কৰি দানপাত্ৰৰ ধনকে আদি কৰি অন্যান্য সা-সামগ্ৰী লুটপাত কৰাৰ পিছত দেওবাৰে নিশা পুনৰ চোৰে লুন্ঠন চলায় কুসুমটোলাৰ নিকটৱৰ্তী ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা থানত ৷ থানখনৰ পাঁচটাকৈ তলা ভাঙি প্ৰৱেশ কৰি চোৰৰ দলে লুটি নিয়ে সোণ আৰু ৰূপৰ কেইবাপাহো ফুল, ১০ৰ পৰা ১২ টা পিতলৰ গছাৰ উপৰিও নগদ ৫ হাজাৰ টকা ৷ ইয়াৰ উপৰিও “অসম দৰ্শন” আঁচনিৰ অধীনত থানখনত চলি থকা কামৰ বাবে মজুত কৰি ৰখা আচবাব সমূহো লুটি নিয়ে চোৰে ৷
জামুগুৰিহাটত চোৰৰ লক্ষ্য হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান - শ্ৰী শ্ৰী নৰোৱা থানত চুৰি
চাৰিদিন পূৰ্বে কুসুমটোলাৰ পদ্মপুৰ নামঘৰত প্ৰৱেশ কৰি লুটপাত চলোৱাৰ পিছত দেওবাৰে নিশা পুনৰ চোৰে লুটপাত চলায় কুসুমটোলাৰ নিকটৱৰ্তী ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা থানত ৷
![জামুগুৰিহাটত চোৰৰ লক্ষ্য হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান As-sootea-religious-tramples-are-been-targeted-by-thieves-img-asc10017](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9958590-thumbnail-3x2-s.jpg)
জামুগুৰিহাটত চোৰৰ লক্ষ্য হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান
সোমবাৰে পুৱা স্থানীয় ৰাইজে এই চুৰিকাৰ্যৰ বিষয়ে জানিব পাৰি জামুগুৰি আৰক্ষীক অৱগত কৰে ৷ থান পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, জামুগুৰিহাটৰ লগতে নিকটৱৰ্তী অঞ্চলসমূহত বৰ্তমান নৈশ পহৰাৰ ব্যৱস্থা নথকাৰ সুযোগ গ্ৰহণ কৰিয়েই চোৰে চলাই গৈছে সন্ত্ৰাস ৷
লগতে পঢ়ক-জালুকবাৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তলৈ আজমল ফাউণ্ডেচনৰ সাহাৰ্য