চতিয়া, ২4 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবেই দেশজুৰি বলবৎ হৈ থকা লক ডাউনৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ অনান্য প্ৰান্তত লগতে শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিটো । মূৰৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰ বিনিময়ত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চহা খেতিয়কে শ শ বিঘা মাটি কৰা শাক পাচলি খেতি পথাৰতে নষ্ট হৈ গৈছে ৷ জামুগুৰিহাটৰ ভৰলী চাপৰিত কিদৰে লক ডাউনৰ বাবেই খেতিয়কে বেচিব নোৱৰাৰ বাবে পথাৰতে নষ্ট হৈছে বেঙেনা,কবি,বিলাহীকে ধৰি বহু শাক পাচলি।
চতিয়াত নষ্ট বৃহৎ পৰিমাণৰ শাক পাচলি - জামুগুৰিহাটৰ ভৰলী চাপৰিত
লক ডাউনৰ বাবে কাল অমানিশা নামি আহিছে 'মনি-কাঞ্চন' কৃষি পামলৈ,শ শ বিঘা মাটিত উৎপাদিত ৰবি শস্য পথাৰতে নষ্ট হৈছে,হতাশাগ্ৰস্ত কৃষকসকল ৷
![চতিয়াত নষ্ট বৃহৎ পৰিমাণৰ শাক পাচলি sootea-monikanson-farmer-situation-during-lock-down](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6920595-1104-6920595-1587719902810.jpg)
চতিয়াত নষ্ট মনি-কাঞ্চন কৃষিপামৰ শাক পাচলি
চতিয়াত নষ্ট মনি-কাঞ্চন কৃষিপামৰ শাক পাচলি
ভৰলী চাপৰিৰ থলুৱা যুৱকৰ দ্বাৰা জৈৱিক পদ্ধতিৰে উৎপাদিত সামগ্ৰীৰ 'মনি-কাঞ্চন' নামৰ কৃষি পামখনত ৷ লক ডাউনৰ বাবেই খেতিয়কে ফচল বেচিব নোৱৰাৰ বাবেই গছতেই গেলি পচি নষ্ট হৈছে বিঘাই বিঘাই কৰা বেঙেনা,কবিকে ধৰি শাক পাচলি ৷ বেংকৰ পৰা কৃষি ঋণ লৈ কৃষি কৰ্মত মনোনিৱেশ কৰাৰ পাছত আচম্বিতে কৰ'ণা ভাইৰাছৰ আতংকৰ বাবেই লক ডাউনৰ ফলত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰাৰ বাবেই খেতি পথাৰতে শাক পাচলি নষ্ট হোৱাৰ ফলত এতিয়া কৃষক সকল বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগীয়া হৈছ ৷
লগতে চাঁওক ঃ নাহৰকটীয়াৰ চাচনীত বিধ্বংসী ধুমুহা