অসম

assam

ETV Bharat / state

জামুগুৰিহাটৰ টুপীয়া ব্যৱসায়িক কেন্দ্ৰস্থলত ৩ দিনৰ লকডাউন ঘোষণা বণিক সন্থাৰ - জামুগুৰিহাটৰ টুপীয়া ব্যৱসায়িক কেন্দ্ৰস্থল

ৰাজ্যত দিনকদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ’ণাৰ সংক্ৰমণ গাঁৱে ভূঁঞেও বৃদ্ধি পোৱা দেখা পোৱা গৈছে ৷ এনে অৱস্থাত টুপীয়া ব্যৱসায়িক কেন্দ্ৰস্থলত বণিক সন্থাৰ নিজাকৈ লকডাউন ঘোষণা ৷

জামুগুৰিহাটৰ টুপীয়া ব্যৱসায়িক কেন্দ্ৰস্থলত ৩ দিনৰ লকডাউন ঘোষণা বণিক সন্থাৰ
জামুগুৰিহাটৰ টুপীয়া ব্যৱসায়িক কেন্দ্ৰস্থলত ৩ দিনৰ লকডাউন ঘোষণা বণিক সন্থাৰ

By

Published : Sep 1, 2020, 1:28 AM IST

চতিয়া, 31 আগষ্ট :ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ’ণাৰ সংক্ৰমণ গাঁৱে ভূঁঞেও বৃদ্ধি পোৱা দেখা পোৱা গৈছে ৷ স্বাস্থ্যবিভাগে চলোৱা ৰেপিড এন্টিজেন টেষ্টত এজনৰ পিছত আন এজনৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাত জামুগুৰিহাটৰ টুপীয়া বণিক সন্থাই নিজাবৱীয়াকৈ তিনিদিনৰ বাবে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়া ব্যৱসায়িক কেন্দ্ৰস্থলত লকডাউন ঘোষণা কৰিছে ৷

৩ দিনৰ লকডাউন ঘোষণা বণিক সন্থাৰ

কৰ’ণাৰ সামাজিক সংক্ৰমণ যাতে বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰবিবাৰৰ পৰা মঙলবাৰলৈকে টুপীয়া ব্যৱসায়িক কেন্দ্ৰস্থলৰ দোকান-পোহাৰ এইদৰেই বন্ধ ৰাখি কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰচেষ্টা চলাইছে বণিক সন্থাই ৷ প্ৰয়োজন হ’লে এই বন্ধ অনাগত দিনসমুহতো দিবলৈ প্ৰস্তুত আছে বুলিও উল্লেখ কৰে বণিক সন্থাৰ বিষয়বৱীয়াসকলে ৷ উল্লেখ্য যে, টুপীয়াৰ এঘৰ মানুহৰ 4 জনকৈ কৰ'ণা পজিটিভ ৰোগী চিনাক্ত হোৱাৰ লগতে গাঁৱখনৰ আন 5 জনৰ দেহত কোভিড পজিটিভ চিনাক্ত হোৱাত শংকিত হৈ পৰা দেখা গৈছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ ৷

লগতে পঢ়ক :অসমৰ একমাত্ৰ কঠ উৎপাদিত গাঁওখন...

ABOUT THE AUTHOR

...view details