চতিয়া, ২৮ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো দ্বিতীয় পৰ্যায়ৰ ক'ভিড-১৯ৰ ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে । চতিয়া সমষ্টিৰ জামুগুৰিহাটতো মহামাৰী কৰ'ণাই তীব্ৰ ৰূপ ধাৰণ কৰিছে । ইতিমধ্যে জামুগুৰিহাটৰ ৫২খন গাঁৱৰ প্ৰায় ৬০ হাজাৰ জনসংখ্যাৰ ভিতৰত বৰ্তমানলৈকে ২৩ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । আক্ৰান্তসকলৰ এগৰাকী মৃত্যু হোৱাৰ বিপৰীতে বাকী ২২ জন ৰোগী বৰ্তমানলৈকে কৰ'ণামুক্ত হোৱা বুলি জানিব পৰা গৈছে ।
জামুগুৰিহাটত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২৩ লৈ বৃদ্ধি - এগৰাকী মৃত্যু
জামুগুৰিহাটত বৰ্তমানলৈকে ২৩ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । আক্ৰান্তসকলৰ এগৰাকী মৃত্যু হোৱাৰ বিপৰীতে বাকী ২২ জন ৰোগী বৰ্তমানলৈকে কৰ'ণামুক্ত হোৱা বুলি জানিব পৰা গৈছে ।
জামুগুৰিহাটত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২৩ লৈ বৃদ্ধি
আনহাতে, জামুগুৰিহাটস্থিত জামুগুৰি পৰিপূৰক চিকিৎসালয়ত RTPCR ৰ পৰীক্ষাত মংগলবাৰে দুজন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱা গৈছে । ইতিমধ্যে, এই লোক দুজনক যাৱতীয় চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: ভূমিকম্পৰ ফলত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ব্যাপক ক্ষতিসাধন