অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জামুগুৰিহাটৰ বাটমাৰীত বোমাতংক - bomb

দেওবাৰে পুৱাই পথৰ কাষত সংঘটিত হয় বোমা বিস্ফোৰণ ৷ দুজনকৈ আহত ৷

জামুগুৰিহাটৰ বাটমাৰীত বোমাতংক

By

Published : Aug 11, 2019, 3:04 PM IST

চতিয়া ,১১ আগষ্টঃশোণিতপুৰ জিলাৰ জামুগুৰিহাট থানাৰ অন্তৰ্গত ৰঙাচকুৱাৰ ১ নং বাটমাৰিত সংঘটিত হয় এক বিস্ফোৰণ কাণ্ড ৷ বিস্ফোৰণটোত সামান্যভাৱে আহত হয় দুগৰাকীকৈ লোক ৷

জামুগুৰিহাটৰ বাটমাৰীত বোমাতংক

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ১নং বাটমাৰীত ৰবিবাৰে পুৱাই পথৰ দাঁতিত এটা বটল বোমা উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জামুগুৰিহাটত ৷ পুৱাই স্থানীয় এজন লোকে পথৰ দাঁতিৰ এডৰা ঢেকীয়া বনৰ মাজৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰে আৰু লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ ততাতৈয়াকৈ জামুগুৰি আৰক্ষীয়ে অগ্নি নিৰ্বাপক বাহিনীৰ লোকক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ ধোঁৱা ওলাই থকা স্থানত পানী মাৰি নিৰ্গত হোৱা ধোঁৱা নোহোৱা কৰিবলৈ চেষ্টা কৰাৰ লগতে বটল বোমাসদৃশ বোমাটো নিষ্ক্ৰিয় কৰাৰ চেষ্টা চলোৱাৰ সময়তেই হঠাৎ বিস্ফোৰিত হৈ পৰে বোমাটো ৷ য’ত আঘাতপ্ৰাপ্ত হয় গাঁওৰক্ষী বাহিনীৰ সম্পাদকদ্বয় ৰাজকুমাৰ চেত্ৰী আৰু ৰঘু বৰা ৷ লগে লগে সমগ্ৰ অঞ্চলটিত অধিক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়৷ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে সেনাৰ দল ঘটনাস্থলীত উপস্থিত হৈ সকলো দিশ চোৱাচিতা কৰাৰ লগতে জেচিবিৰ সহায়ত বিস্ফোৰিত স্থানডোখৰ খান্দি বটল বোমাটোৰ সবিশেষ উদ্ধাৰৰ চেষ্টা চলায় যদিও পুনৰ সেইস্থানৰপৰাই ধোঁৱা নিৰ্গত হয় ৷ লগে লগে পুনৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে সেনাবাহিনীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয় তদাৰক কৰে যদিও শংকিত হৈ পৰে অঞ্চলবাসী ৷

ABOUT THE AUTHOR

...view details