চতিয়া,১ জানুৱাৰী:ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে বনভোজ খাই ঘৰলৈ ওভতাৰ পথত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ বামুণবাৰী গাঁৱত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত ১৭ জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, অসম অৰুণাচল সীমান্তবৰ্ত্তী চিজোচাত বনভোজ খাই ২৫ জনীয়া এটা দলে এখন বলেৰ পিক-আপ ভেন (এ এচ ১২-ই ৩৩৬৩)ত ঘৰলৈ বুলি উভতি আহিছিল ৷ সেই সময়তে বৈমৰা নামৰ ঠাইখিনিত সংঘটিত হয় দুৰ্ঘটনাটো ৷ বিপৰীত ফালৰ পৰা অহা আন এখন বাহনক পথ এৰি দিবলৈ গৈ নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে বলেৰ পিক-আপ ভেনখন ৷ দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হোৱা লোককেইজনক ততাতৈয়াকৈ উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
চতিয়াত বনভোজ খাই ওভতাৰ পথত দুৰ্ঘটনা - আঘাতপ্ৰাপ্ত
1 জানুৱাৰীৰ দিনাই চতিয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ বনভোজ খাই ওভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত 17 জনকৈ বনভোজ যাত্ৰী আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰে 8জনৰ অৱস্থা সংকটজনক ৷
চতিয়াত বনভোজ খাই ওভতাৰ পথত দুৰ্ঘটনা
ইফালে, আহত সকলৰ ৮ গৰাকীকৈ লোকৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক প্ৰেৰণ কৰা হয় তেজপুৰ অসামৰিক চিকিৎসালয়লৈ ৷
অন্য এক খবৰৰ বাবে: আজিৰে পৰা আৰম্ভ হ'ল চানডুবি মহোৎসৱ