অসম

assam

ETV Bharat / state

শোণিতপুৰত বন্দুক লৈ উপস্থিত বিধায়ক পদ্ম হাজৰিকা - শোণিতপুৰ জিলা প্ৰশাসন

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চকীঘাটত ভূমি দখলক লৈ সংঘটিত হোৱা ঘটনাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীক ঘটনাৰ তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতেই আজি ঘটনাস্থলীত অনুজ্ঞাপত্ৰ থকা বন্দুক লৈ উপস্থিত হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ৷

sonitpur_tezpur_visit_padma-hazorika_sarbananda sonowal
শোণিতপুৰত বন্দুক লৈ উপস্থিত বিধায়ক পদ্ম হাজৰিকা

By

Published : Jul 31, 2020, 10:53 PM IST

তেজপুৰ,৩১ জুলাই : ভূমি দখলক লৈ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চকীঘাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পূৰ্বে দখল কৰা ভূমিত সন্দেহজনক একাংশ লোকে প্ৰশাসনক হাতে-হাতে জাঠি,জোং লৈ বাধা দিয়াৰ লগতে আৰক্ষী বিষয়া,প্ৰশাসনৰ লোক আৰু থলুৱা যুৱককো আক্ৰমণ কৰি আহত কৰে ৷ এই ঘটনাৰ বাবে আজি শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীক ঘটনাৰ তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ শুকুৰবাৰে তেজপুৰত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে ।

শোণিতপুৰত বন্দুক লৈ উপস্থিত বিধায়ক পদ্ম হাজৰিকা

অন্য এক খবৰৰ বাবে: জামুগুৰিহাটত সন্দেহজনক লোকৰ আক্ৰমণত আহত আৰক্ষী

এই ঘটনাত সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হাতত অনুজ্ঞাপত্ৰ থকা বন্দুক লৈ উপস্থিত হয়। বিধায়ক হাজৰিকাই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে,যি ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে তাৰ বাবে সেই স্থানলৈ যাওতে মই হাতত বন্দুক লৈ নাযায় ধৰ্ম পুথি লৈ যাব নোৱোৰো । য'ত আৰক্ষী, প্ৰশাসনিক বিষয়াক আক্ৰমণ কৰিছে আমাৰ একাংশ থলুৱা যুৱকককো আক্ৰমণ কৰিছে ৷ দলবদ্ধ ভাৱে একাংশ বহিৰাগতই আক্ৰমণ কৰাৰ বাবে মই হাতত চৰকাৰী অনুজ্ঞা পত্ৰ থকা বন্দুক লৈ যাবলৈ বাধ্য হ'লো । ইয়াৰ লগতে তেওঁ প্ৰকাশ কৰে যে,এয়া ১৯৮৩ নহয় ২০২০ চনহে ৷ কাৰণ 1983চনত এই চকীঘাটৰ স্থানতেই ভুপেন ডেকাকে ধৰি কেইবাজনো ভূমি পুত্ৰ অসমীয়াক হত্যা কৰা হৈছিল ৷

চতিয়া সমষ্টিত কোনো বহিৰাগত অবৈধ লোকক থাকিবলৈ দিয়া নহ'ব বুলি সাংবাদিক আগত বিধায়কগৰাকীয়ে দাবী জনাই ৷ আনহাতে এই বহিৰাগত লোকক যি শক্তিয়ে পৰিচালনা কৰিছে তেওঁলোককো সাৱধান থাকিবলৈ সকীয়াই দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷

ABOUT THE AUTHOR

...view details