তেজপুৰ, ২৮ মাৰ্চঃশোণিতপুৰৰ ৰঙাপৰাত দিন দুপৰতে জ্বলি থাকে ষ্ট্ৰীট লাইট । যি সময়ত ৰঙাপৰাৰ একাংশ ৰাইজে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আহিছে তেনে সময়তে নগৰখনৰ মাজ মজিয়াত পথৰ ষ্ট্ৰীট লাইটবোৰ দিন দুপৰতে জ্বলি থকাত চকু কপাঁলত উঠিছে সচেতন ৰাইজৰ ।
ৰঙাপৰাত দিন দুপৰতে জ্বলে ষ্ট্ৰীট লাইট - Street Light
ৰঙাপাৰা পৌৰ নিগমৰ কোনো হেমাহিত ক্ষুব্ধ স্থানীয় ৰাইজ

ৰঙাপৰাত দিন দুপৰতে জ্বলি থাকে ষ্ট্ৰিট লাইট
ৰঙাপৰাত দিন দুপৰতে জ্বলি থাকে ষ্ট্ৰিট লাইট
উল্লেখযোগ্য যে নগৰখনত থকা ষ্ট্ৰীটলাইটৰ বিল ৰঙাপৰা পৌৰসভাই ২৩,৬৪৮ টকা ৰঙাপৰা উপ সংমণ্ডল কাৰ্যালয়ত পৰিশোধ নকৰাত বিভাগটোৱে বিদ্যুৎ সংযোগ কৰ্তনো কৰিছিল । কিন্তু এইদৰে দিনতে ষ্ট্ৰীট লাইটবোৰ জ্বলি থকাত ৰাজ্যত বিদ্যুৎ অপচয় হোৱাৰ লগতে ৰঙাপাৰা পৌৰ নিগমেগুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।