তেজপুৰ, ২৯ জুলাই : যি সময়ত অসমত জেহাদীৰ কাৰ্যকলাপঅসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে (Jihadi in Assam) ৷ ঠিক সেই সময়তে অসম আৰক্ষীৰ অভিযানত শোণিতপুৰত জব্দ হৈছে অবৈধ মাৰনাস্ত্ৰ (Sonitpur police seized illegal weapons) ৷
তথ্য অনুসৰি, শোণিতপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লাভ কৰিছিল এক বিশেষ খবৰ ৷ এই খবৰৰ আলমতেই শোণিতপুৰ আৰক্ষীয়ে শুকুৰবাৰে পুৱতি নিশা কলাকুছিৰ বেলশিৰিত চলাই এক অভিযান ৷ শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসৰ নেতৃত্ব চলা এই অভিযানত আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় দুটাকৈ পিষ্টল ৷
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বেলিশিৰিৰ দৈমালু চেন্টাৰৰ সমীপৰ জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে পিষ্টল দুটা ৷ আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰা 9MM আৰু 7.6MM পিষ্টল দুটাৰ লগতে এটা বেগৰ পৰা জব্দ কৰা হৈছে 7 জাঁই সজীৱ গুলী ৷ কোনো লোকে সেই নিৰ্দিষ্ট স্থানৰ পৰা পিষ্টল দুটা লৈ যোৱাৰ কথা আছিল ৷