তেজপুৰ, ১৫ অক্টোবৰ : বিজয়া দশমীৰ দিনটোত অশুভ শক্তিৰ ওপৰত সত্য আৰু শুদ্ধৰ জয় উদযাপন কৰে ভক্তগণে । সমগ্ৰ ৰাজ্যতে ৰাইজে শাৰদীয় দুৰ্গা পূজাৰ আনন্দ লভিছে ৷ এনে সময়তে শোণিতপুৰত আৰক্ষীয়ে এটা ০.৩২ পিষ্টল, ৬ ৰাউণ্ড সজীৱ গুলী আৰু ২ টাকৈ মেগজিন উদ্ধাৰ কৰি অপৰাধৰ বিৰুদ্ধে বিজয় পালন কৰিছে । উক্ত মাৰণাস্ত্ৰ তথা আনুসংগিক সামগ্ৰী সমূহ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত আকাবস্তীৰ নিৱাসী মঃ আজীমুদ্দীন আলীৰ পুত্ৰ মঃ আকাশ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷
ইয়াৰ লগতে ঘটনাৰ সৈতে জড়িত লোকজনকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি উক্ত ঘটনা সন্দৰ্ভত আইনী প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে আছে বুলি শোণিত পুৰ জিলা আৰক্ষীয়ে টুইট যোগে জানিবলৈ দিছে । উল্লেখযোগ্য যে, ৰাজ্যত উৎসৱৰ বতৰত সংঘটিত হ’ব পৰা কূটাঘাট নিয়ন্ত্ৰণৰ বাবে এইবেলিৰ দুৰ্গা পূজাৰ আগৰে পৰাই সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে বিশেষ ভূমিকা পালন কৰা দেখা গৈছিল ৷