অসম

assam

ETV Bharat / state

তেজপুৰত 9 খনকৈ চুৰি বাইকসহ এজনক আটক

শোণিতপুৰ জিলাত চোৰৰ টাৰ্গেট বাইক ৷ আৰক্ষীৰ অভিযানত উদ্ধাৰ 9 খনকৈ চুৰি বাইক ৷ গ্ৰেপ্তাৰ এজন বাইক সৰবৰাহকাৰী ৷

দহজনীয়া গেঙৰ টাৰ্গেট ‘বাইক’

By

Published : Nov 21, 2019, 7:07 PM IST

তেজপুৰ, 21 নৱেম্বৰ: শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইত বাইক চোৰৰ আতংক ৷ এটা দহজনীয়া চোৰৰ গেঙটোৰ মুখ্য টাৰ্গেট হৈছে বাইক ৷ বৃহস্পতিবাৰে শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ শোণিতপুৰ জিলাৰ চৰ অঞ্চলত অভিযান চলাই বিভিন্ন স্থানৰ পৰা 9 খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন বাইক সৰবৰাহকাৰীক ৷

9 খন বাইক উদ্ধাৰ

গ্ৰেপ্তাৰ হোৱা তেজপুৰৰ পাঁচমাইলৰ ইব্ৰাহিম আলি নামৰ লোকজনে দীৰ্ঘদিন ধৰি 6/7 হাজাৰ টকাত ক্ৰয় কৰি আহিছিল এই চুৰি বাইকসমূহ ৷ পিচত ইব্ৰাহিমে এই বাইক সমূহ 15ৰ পৰা 20 হাজাৰ টকাত অসমৰ লগতে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰি আহিছিল ৷নাগালেণ্ড,মণিপুৰ,অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰিছিল বাইকসমূহ ৷ ইব্ৰাহিমৰ লগত আছে আন এটা 4/5 জনীয়া দল ৷

আৰক্ষী জালত 9 খনকৈ বাইক সহ এজন সৰবৰাহকাৰী

বৃহস্পতিবাৰে শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই ব্ৰহ্মপুত্ৰৰ মাজত থকা চৰৰ পৰা উদ্ধাৰ কৰে বাইক সমূহ ৷ নিশাৰ ভিতৰত নাৱেৰে চৰ অঞ্চললৈ সৰবৰাহ কৰা হয় বাইক সমূহ ৷ দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে এনেদৰে বাইক সমূহ চোৰাং ভাৱে বহিঃৰাজ্যলৈ চালান দি আহিছিল ৷

লগতে চাওক-গছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

ABOUT THE AUTHOR

...view details