মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণৰ পাচতে গা লৰিল শোণিতপুৰ আৰক্ষীৰ
তেজপুৰ চহৰৰ ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে বৈঠকত মিলিত আৰক্ষী অধীক্ষক ৷ জিলাখনত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷
তেজপুৰ, 17 মে': গুৱাহাটীত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ পাচতেই গা লৰিল শোণিতপুৰ আৰক্ষীৰ। জিলাখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ শোণিতপুৰ জিলা সদৰ, তেজপুৰ চহৰৰ ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে এক সতৰ্কতামূলক বৈঠকত মিলিত হয় জিলাখনৰ আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ। চহৰৰ মুঠ ৬ টা শ্বপিং ম'লৰ স্বত্বাধিকাৰী, নিৰাপত্তা এজেঞ্চিৰ লগত এক জৰুৰী বৈঠকত মিলিত হৈ সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ লগতে চহৰৰ বিভিন্ন স্থানত চি চি টিভি কেমেৰা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। আনহাতে,জিলাখনৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাসমূহতো কটকটীয়া কৰা হৈছে সুৰক্ষা ব্যৱস্থা।