তেজপুৰ, ১৮ মে' : ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে নিচাজাতীয় দ্ৰব্য যেনে- ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে (Assam police raid against drugs)। তাৰ মাজতে প্ৰতিদিনে আৰক্ষীয়ে লাখ লাখ টকাৰ নিচাজাতীয় দ্ৰব্য আৰু এই কাৰ্যৰ লগত জড়িত ব্যক্তিসকলক আটক কৰিছে । কিন্তু ইয়াৰ পাছতো ৰাজ্যত এই নিষিদ্ধ সামগ্ৰীৰ বেহা অব্যাহত আছে ।
তেজপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক অভিযান চলাই ভোমোৰাগুৰি দলঙৰ সমীপৰ পৰা ২৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় (Drugs paddler arrested in Tezpur)। ড্ৰাগছ সৰৰাহৰ লগত জড়িত তিনিজনৰ ভিতৰত দুজন একে নামৰ আনোৱাৰ হুছেইন আৰু আনজন মুজিবৰ ৰহমান বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে উক্ত সৰবৰাহকাৰী কেইটাই AS-12-8533 নম্বৰৰ এখন চাৰিচকীয়া বাহনেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল । কিন্তু পূৰ্বৰে ভোমোৰাগুৰি দলঙত ৰৈ থকা বৰঘাট আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ২৭ টা কণ্টেইনাৰত মুঠ ৩.৮ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে (Drugs seized in Tezpur )।