অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 'শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়ন'ৰ - Supremme Court of India

জাৰ্নালিষ্ট ইউনিয়ন অৱ অসমৰ অধীনৰ শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লোকসভাত দুখন শ্ৰম বিল পুনৰ সংশোধনীৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ স্মাৰক পাত্ৰ প্ৰেৰণ কৰিছে ।

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নৰ

By

Published : Aug 2, 2019, 7:55 PM IST

তেজপুৰ, 2 আগষ্ট: দেশৰ লোকসভাত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংশোধন ঘটোৱা দুখনকৈ শ্ৰমবিলৰ সংশোধনী বাতিল কৰাৰ দাবীত শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী জিলা উপায়ুক্তৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক এক হঠকাৰী সিদ্ধান্ত বুলি অভিহিত কৰে । সংস্থাটোৰ মতে দেশৰ সংবাদ মাধ্যমৰ ওপৰত এই শ্ৰম বিল সংশোধন কৰি আইনত পৰিণত কৰিলে ই হ'ব দেশৰ সংবাদ মাধ্যমৰ ওপৰত চৰম কুঠাৰঘাত তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ উলঙ্ঘন ৷ তদুপৰি এই বিল যদি আইনত পৰিণত হয় তেন্তে ই দেশৰ সাংবাদিকসকলৰ আৰ্থিক স্বচ্ছলতাৰ ক্ষেত্ৰত মূল প্ৰতিবন্ধক হিচাপে দেখা দিব বুলি অভিহিত কৰে সংস্থা়টোৱে ৷

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নৰ

ABOUT THE AUTHOR

...view details