তেজপুৰ, 7 জানুৱাৰী :শুকুৰবাৰে বিয়লি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে নতুনকৈ ক’ভিড-19ৰ নীতি-নিৰ্দেশনা (Himanta Biswa Sarma announces new SOP) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ সাজু হৈ পৰিছে শোণিতপুৰৰ জিলাৰ স্বাস্থ্য বিভাগ । শোণিতপুৰ জিলাত বিগত 7 দিনত 72 জন লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ ত ।
শোণিতপুৰৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জিয়াউদ্দীন আহমেদে (Sonitpur District Joint Director Dr Ziauddin Ahmed) সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে এই কথা ৷ লগতে তেওঁ কয় যে, শোণিতপুৰ জিলাত ডিচেম্বৰ মাহৰ শেষলৈকে ক’ভিড আক্ৰান্তৰ হাৰ আছিল 0.5 শতাংশ ৷ ইয়াৰ বিপৰীতে বৃহস্পতিবাৰৰ দিনটোলৈকে ক’ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি হৈ হৈছেগৈ 3 শতাংশ ৷
বৃহস্পতিবাৰৰ দিনটোত শোণিতপুৰত ক’ভিড-19 ত আক্ৰান্ত হৈছে 29 জন ৷
ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শোণিতপুৰ স্বাস্থ্য বিভাগে পূৰ্বৰ ক’ভিড কেয়াৰ চেন্টাৰ কেইটাৰ লগতে চৰকাৰী 5 খন চিকিৎসালয়ো সাজু কৰি তুলিছে ৷ ইয়াৰ ভিতৰত ক’ভিড কেয়াৰ চেন্টাৰত 700 খন বিচনা সাজু কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত 265 খন বিচনা সাজু কৰি তোলা হৈছে ক’ভিড ৰোগীৰ বাবে ৷