তেজপুৰ, ৬ আগষ্ট :অসমত শেহতীয়াকৈ ভয়ানকভাৱে ঠন ধৰি উঠিছে মৌলবাদী শক্তি । ইতিমধ্যে মৰিগাঁও আৰু বৰপেটা জিলাত গ্ৰেপ্তাৰ হৈছে বহুকেইজন জেহাদী (Jihadi arrested in Assam) । আনহাতে, জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আটক হৈছে কেইবাজনো ব্যক্তি । মৰিগাঁৱৰ এখন মাদ্ৰাছাৰ শিক্ষক জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ লগতে প্ৰশাসনে উচ্ছেদ চলাইছে মাদ্ৰাছাখনত (Avection on Madrassa linked with Jihadi) ।
একেদৰে অসম চৰকাৰেও অসমত থকা জেহাদী তথা মৌলবাদীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে । আনহাতে, অসমৰ খিলঞ্জীয়া মুছলিমৰ সংগঠন সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদেও (Goria Moria Desi Parishad protest against Jihadi) মৌলবাদী কাৰ্যকলাপৰ লগত জড়িত থকা ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে চৰকাৰৰ ওচৰত ।
মৌলবাদী শক্তিৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ । শনিবাৰে তেজপুৰত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ শোণিতপুৰ জিলা কমিটিয়ে জেহাদী আৰু মৌলবাদী শক্তিৰ তীব্ৰ বিৰোধিতা কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । পৰিষদৰ তৰফৰ পৰা তেজপুৰৰ ভূপেন হাজৰিকাৰ কলাভূমিৰ সন্মুখত অৱস্থান কৰি এই কাৰ্যৰ বিৰোধিতা কৰে (Sonitpur Goria Moria Jatiya Parishad protest against Jihadi) ।