তেজপুৰ, ২৯ ডিচেম্বৰ: সমগ্ৰ ৰাজ্যৰ ভিতৰতে শোণিতপুৰ জিলাত ২০২৩ বৰ্ষত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে । জানিব পৰা মতে শোণিতপুৰ আৰু বিশ্বনাথত জিলাত চলিত বৰ্ষৰ ২৩ ডিচেম্বৰলৈকে মুঠ ২২৯৩ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এয়া কেৱল জৰুৰীকালীন বিনামূলীয়া এম্বুলেন্স সেৱা ১০৮ ব্যৱহাৰৰ তথ্যহে ৷
ইয়াৰ উপৰিও এই সেৱা ব্যৱহাৰ নকৰা দুৰ্ঘটনাৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখযোগ্য যে, শোণিতপুৰত ১৬৪১ টা আৰু বিশ্বনাথত ২০২৩ৰ ২৩ ডিচেম্বৰলৈকে মুঠ ৬৫২ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি প্ৰকাশ কৰিছে ১০৮ এম্বুলেন্স সেৱাই ৷
উল্লেখযোগ্য যে, শোণিতপুৰত জানুৱাৰীত ১৯৯ টা, ফেব্ৰুৱাৰীত ১৩৫ টা, মাৰ্চত ১৪৪ টা, এপ্ৰিলত ১৪৭ টা, মে’ত ১৩১টা, জুনত ১০৩ টা, জুলাইত ৯৭ টা, আগষ্টত ৯৪ টা, ছেপ্তেম্বৰত ১১৩ টা, অক্টোবৰত ২২৭ টা, নৱেম্বৰত ১২২ টা আৰু ২৩ ডিচেম্বৰলৈ ১২৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷
আনহাতে বিশ্বনাথত জানুৱাৰীত ৮২ টা, ফেব্ৰুৱাৰীত ৪৬ টা, মাৰ্চত ৬২ টা, এপ্ৰিলত ৫৮ টা, মে’ত ৬৫ টা, জুনত ৩১ টা, জুলাইত ৩৩ টা, আগষ্টত ৩৯ টা, ছেপ্তেম্বৰত ৩৮ টা, অক্টোবৰত ৮২ টা, নৱেম্বৰত ৫৯ টা আৰু ২৩ডিচেম্বৰলৈকে বিশ্বনাথত সংঘটিত হৈছে ৫৭ টা পথ দুৰ্ঘটনা৷ প্ৰনিধানযোগ্য যে, ২০২২ত কেৱল ডিচেম্বৰ মাহতে শোণিতপুৰত সংঘটিত হৈছিল ১৬৫ টা আৰু বিশ্বনাথত ৮৫ টা পথ দুৰ্ঘটনা ৷