অসম

assam

ETV Bharat / state

শোণিতপুৰত কোভিড-19 আক্ৰান্তৰ সংখ্যা ৩১৭ জনলৈ বৃদ্ধি - শোণিতপুৰত এগৰাকী আশা কৰ্মী

সেনা জোৱানৰ কোভিড-19ত আক্ৰান্তৰ সংখ্যা পুনৰ ৬৮ জনলৈ বৃদ্ধি পালে ৷ সমগ্ৰ জিলাখনতে 317 লৈ বৃদ্ধি পালে ক‘ৰণা আক্ৰান্তৰ সংখ্যা ৷

sonitpur district covid -19 positive case  incrise 317
শোণিতপুৰত কোভিড-19 আক্ৰান্তৰ সংখ্যা ৩১৭ জনলৈ বৃদ্ধি

By

Published : Jun 27, 2020, 6:10 PM IST

তেজপুৰ,২৭জুনঃ শোণিতপুৰ জিলাৰ মিছামাৰীৰ সেনা চাউনীত ৫ জন সেনাৰ দেহত কোভিড-19 পজিটিভ। ইয়াকে লৈ সেনা জোৱানৰ কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি পালে ৷ আনহাতে শোণিতপুৰত এগৰাকী আশা কৰ্মী, এগৰাকী হোটেলৰ কৰ্মচাৰী, একেটা পৰিয়ালৰ তিনি গৰাকীসহ ৬ জন পুনৰ কোভিড-19 আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ উৰিয়ামগুৰিৰ আশা কৰ্মী চালেমা বেগম, বিক্ৰম আদিত্য হোটেলৰ কৰ্মচাৰী চন্দ্ৰ প্ৰসাদ কাৰ্কী আৰু লোক্ৰাৰ এটা পৰিয়ালৰ তিনি গৰাকী কোভিড-19 আক্ৰান্ত হৈছে ।

শোণিতপুৰত কোভিড-19 আক্ৰান্তৰ সংখ্যা ৩১৭ জনলৈ বৃদ্ধি

ইপিনে ক‘ৰণাত আক্ৰান্ত লোক্ৰাৰ পৰিয়ালটোৰ ছয় গৰাকী ব্যক্তি ২৪ জুনৰ দিনা বাংগালোৰৰ পৰা বিমানযোগে আহি হোম কোৱাৰেন্টাইনত আছিল বুলি জানিব পৰা গৈছে । সম্প্ৰতি ইয়াকে লৈ শোণিতপুৰত ক‘ৰণাত আক্ৰান্তৰ সংখ্যা ৩১৭ জনলৈ বৃদ্ধি পালে।

লগতে পঢ়কঃ হাতী খেদিবলৈ নহয়,মানুহ ৰখিবলৈ এটা টঙীঘৰ

ABOUT THE AUTHOR

...view details