অসম

assam

ETV Bharat / state

কৰ'ণা ভাইৰাছ সন্দৰ্ভত সাৱধানতা অৱলম্বন শোণিতপুৰ জিলা প্ৰশাসনৰ - শোণিতপুৰ জিলা প্ৰশাসন

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মাৰাত্মক কৰ'ণা ভাইৰাছে (COVID 19) এতিয়া তোলপাৰ লগাইছে ভাৰতবৰ্ষত । বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১০৭জনলৈ বৃদ্ধি পোৱাৰ লগতে দুজন লোকৰ মৃত্যু হৈছে । সম্প্ৰতি তেজপুৰত এজন লোক চিকিৎসাধীন হৈ আছে ৷ অসম চৰকাৰে বিষয় সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰাৰ পিছতে শোণিতপুৰ জিলা প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰে ৷

COVID 19
কৰ'ণা ভাইৰাছ

By

Published : Mar 15, 2020, 5:50 PM IST

Updated : Mar 15, 2020, 6:44 PM IST

তেজপুৰ,১৫ মাৰ্চঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শাৰিৰীক অসুস্থতা হেতু চিকিৎসাধীন হৈ থকা বিশ্বনাথ চাৰিআলিৰ এগৰাকী লোকৰ দেওবাৰলৈ কোনোধৰণৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল পোৱা নাই বুলি জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷ জিলা প্ৰশাসনে স্বাস্থ্য বিভাগক সকলো ৰোগীৰ ক্ষেত্ৰত তন্ন-তন্নকৈ নজৰ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে । লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিশেষ আছুতীয়া কোঠা সাজু কৰা হৈছে । ইতিমধ্যে তেজপুৰৰ সকলো ছবিগৃহ, ছুইমিং পুল বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে ৷

কৰ'ণা ভাইৰাছক লৈ তৎপৰ শোণিতপুৰ জিলা প্ৰশাসন

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মাৰাত্মক কৰ'ণা ভাইৰাছে (COVID 19) এতিয়া তোলপাৰ লগাইছে ভাৰতবৰ্ষত । বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১০৭জনলৈ বৃদ্ধি পোৱাৰ লগতে দুজন লোকৰ মৃত্যু হৈছে । সম্প্ৰতি তেজপুৰত এজন লোক চিকিৎসাধীন হৈ আছে যদিও ভাইৰাছত আক্ৰান্ত হোৱাটো স্পষ্ট হোৱা নাই ৷ অসম চৰকাৰে বিষয় সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰাৰ পিছতে শোণিতপুৰ জিলা প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰে ৷

লগতে চাওকঃকৰ’ণা ভাইৰাছ সম্পৰ্কীয় সজাগতাঃবিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন

Last Updated : Mar 15, 2020, 6:44 PM IST

ABOUT THE AUTHOR

...view details