অসম

assam

ETV Bharat / state

শোণিতপুৰত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ

শোণিতপুৰত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্তৰ ৷ আগন্তুক বিধান সভা নিৰ্বাচন ২০২১ ৰ পৰিপ্ৰেক্ষিতত জিলাখনত শান্তিপূৰ্ণ মুক্ত আৰু নিকা নিৰ্বাচন অনুস্থিত কৰাৰ উদ্দেশ্যে সোমবাৰে এই নিৰ্দেশ দিছে শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ মানৱেন্দ্ৰ প্ৰতাপ সিঙে ৷

SONITPUR DC ORDER
শোণিতপুৰত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ

By

Published : Mar 1, 2021, 9:13 PM IST

তেজপুৰ,১ মাৰ্চ : শোণিতপুৰত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্তৰ ৷ আগন্তুক বিধান সভা নিৰ্বাচন ২০২১ ৰ পৰিপ্ৰেক্ষিতত জিলাখনত শান্তিপূৰ্ণ মুক্ত আৰু নিকা নিৰ্বাচন অনুস্থিত কৰাৰ উদ্দেশ্যে সোমবাৰে এই নিৰ্দেশ দিছে শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ মানৱেন্দ্ৰ প্ৰতাপ সিঙে ৷

এই নিৰ্দেশনাত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪/১৪৪ (ক) অধীনত শোণিতপুৰ জিলা প্ৰশাসনৰ পৰা ৰেহাইৰ অনুমতি পোৱাসকলক বাদ দি জিলাখনৰ সকলো অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰৰ গৰাকীক মাৰণাস্ত্ৰসমূহ স্থানীয় আৰক্ষী থানা, আৰক্ষী চকীসমূহত তৎকালীনভাৱে জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ এই নিৰ্দেশ তৎকালীনভাৱে জিলাখনত বলবৎ হোৱাৰ লগতে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ৷

লগতে পঢ়কঃখহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা

ABOUT THE AUTHOR

...view details