অসম

assam

ETV Bharat / state

Life imprisonment : শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ আদালতৰ ৰায় দান - যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অভিযুক্ত

তেজপুৰত শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ আদালতৰ শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায় দান প্ৰদান কৰে (Sonitpur District and Sessions Judge Court sentences) । এই ৰায়দানত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10 হেজাৰ টকা জৰিমনা বিহে (Lifetime imprisonment) ৷

sonitpur-district-and-sessions-judge-court-sentences
শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ আদালতৰ ৰায় দান

By

Published : Mar 4, 2022, 10:53 PM IST

তেজপুৰ, 4 মাৰ্চ : তেজপুৰত শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ আদালতৰ শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায় দান প্ৰদান কৰে (Sonitpur District and Sessions Judge Court sentences) । 2016 চনত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ গোচৰত এই বিশেষ ৰায় দান প্ৰদান কৰে ৷

শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ চত্ৰ ভূষণ গগৈৰ আদালতে 2016 চনত ৰঙাপাৰাত সংঘটিত খুলশালীৰ হাতত ভিনিহিয়েকৰ হত্যাকাণ্ডৰ গোচৰৰ ৰায় দান কৰে ৷ অভিযুক্ত খুলশালী লালু তাঁতীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10 হেজাৰ টকা জৰিমনা বিহে (Lifetime imprisonment) ৷ ইয়াৰ লগতে, পত্নী আশা তাছাক শোণিতপুৰ জিলা ও চেছন ন্যায়াধীশ চত্ৰ ভূষণ গগৈৰ আদালতে দোষমুক্ত কৰে ৷

উল্লেখ্য যে, 2016 চনৰ মে’ মাহৰ 6 তাৰিখে পত্নী আশা তাছা আৰু আশাৰ ভাতৃ লালু তাঁতীয়ে স্বামী দীপক তাঁতীক হত্যাৰ এক অভিযোগ উত্থাপিত হৈছিল । ৰঙাপাৰাৰ বৰজুলি চাহবাগিচাৰ 17 নং লাইনত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড । চৰকাৰী অধিবক্তা মুনিন বৰুৱাই গোচৰটোত চৰকাৰী পক্ষৰ হৈ ওকালতি কৰিছিল ।

লগতে পঢ়ক :Life imprisonment : যাৱজ্জীৱনৰ বাবে জেললৈ গ’ল স্বামী হত্যাকাৰী মাৰ্জিনা

For All Latest Updates

ABOUT THE AUTHOR

...view details