অসম

assam

সেৱা কৰৰ বিৰুদ্ধে তেজপুৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 9:23 PM IST

জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে কয় যে প্ৰায় প্ৰতি মাহতে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ থকা ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এয়া নতুন কৌশল । এতিয়া বিহুৰ পৰা শোভাযাত্ৰালৈকে সকলোতে নতুনকৈ আৰম্ভ কৰিছে মাচুল আদায় দিয়াৰ পৰ্ব ।

তেজপুৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট
তেজপুৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

সেৱা কৰৰ বিৰুদ্ধে প্ৰতিবাদ শোণিতপুৰ জিলা কংগ্ৰেছৰ

তেজপুৰ, ২৭ নৱেম্বৰ :অসম চৰকাৰৰ শেহতীয়া নিৰ্ধাৰিত সেৱা কৰৰ বিৰুদ্ধে প্ৰতিবাদ শোণিতপুৰ জিলা কংগ্ৰেছৰ । সোমবাৰে তেজপুৰ ৰাজীৱ ভৱনত শোণিতপুৰ জিলা কংগ্ৰেছে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্থলীত উপস্থিত থকা শোণিতপুৰ জিলা কংগ্ৰেছৰ জিলা সভাপতি দাদুল বৰকাকতিয়ে কয় যে চৰকাৰে সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱা সমালোচনাসমূহত চকু দিয়াটো প্ৰয়োজন । এজন যুৱকে এই কৰৰ বিৰুদ্ধে এটি কবিতাৰে প্ৰতিবাদ কৰা বিষয়টো অৱগত কৰি তেওঁ কবিতাটো পাঠো কৰে ।

ধৰ্মঘটস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে । বৰকাকতিয়ে কয় যে প্ৰায় প্ৰতি মাহতে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ থকা ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এয়া নতুন কৌশল । এতিয়া বিহুৰ পৰা শোভাযাত্ৰালৈকে সকলোতে নতুনকৈ আৰম্ভ কৰিছে মাচুল আদায় দিয়াৰ পৰ্ব । দুই-এখন বিহু, পূজা বা ৰাস সমিতিক চৰকাৰী সাহায্য প্ৰদান কৰি অসমৰ ৰাইজৰ পৰা সংগ্ৰহ কৰিছে এই কৰ ।

তেওঁ অভিযোগ কৰে যে সামাজিক জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰায় আটাইবোৰ পৰ্বতে সেৱা কৰৰ নামত উচ্চ হাৰত মাচুল আদায় দিব লাগিব অসম চৰকাৰক । ইয়াৰ বাবে অসম আৰক্ষীয়ে সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে বিভিন্ন সেৱাৰ নামত উচ্চ হাৰত মাচুল সংগ্ৰহ কৰিছে ৷ এই কাৰ্যত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন ।

উল্লেখ্য যে শেহতীয়াকৈ পোহৰলৈ আহিছে সেৱা সেতু এপৰ জৰিয়তে নাগৰিকসকলে ৰাজ্যত অসম আৰক্ষী আৰু চৰকাৰক বিভিন্ন উপলক্ষত দিবলগীয়া উচ্চ হাৰৰ সেৱা কৰৰ তথ্য । বাকীতো বাদেই, অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহু উদযাপনৰ অনুমতি লোৱাৰ বাবদো ইতিমধ্যে ৩০০ টকা মাচুল সংগ্ৰহ কৰা হৈছে । উল্লেখ্য যে যোৱা ১৫ নৱেম্বৰত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে এক নির্দেশনা জাৰি কৰে ৷ এই নিৰ্দেশনা অনুসৰি অসম আৰক্ষী সেৱা সেতুৰ জৰিয়তে অনুষ্ঠানৰ অনুমতিৰ বাবদ নতুন মাচুল নির্ধাৰণ কৰিছে ।

লগতে পঢ়ক :‘কা’ৰ বিৰুদ্ধে আন্দোলনৰ আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details