অসম

assam

ETV Bharat / state

তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - শোণিতপুৰ জিলা বন্ধৰ আহ্বান

আছুকৰ্মীৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত শনিবাৰে ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ আহ্বান জনায় । তেজপুৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায় । আছু কৰ্মীয়ে বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্য়স্ত কৰে ।

তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

By

Published : Jan 23, 2021, 4:09 PM IST

শোণিতপুৰ , ২৩ জানুৱাৰী :তেজপুৰতো আছুৱে আহ্বান কৰা ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায় । প্ৰায়বোৰ অঞ্চলতে বন্ধ থাকিল দোকান তথা প্ৰতিস্থানসমূহ । বন্ধৰ সমৰ্থনত তেজপুৰৰ লগতে নিকটৱৰ্তী অঞ্চলত আছু কৰ্মী সকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গ'ল ।

তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

শুকুৰবাৰে তেজপুৰত প্ৰতিবাদকাৰী আছু সদস্যৰ ওপৰত নিৰাপত্তা বাহিনীয়ে কৰা লাঠিচালনাৰ সময়ত আছুৰ যুৱনেত্ৰী সহ তিনিগৰাকী প্ৰতিবাদকাৰী আহত হৈছিল ৷ সন্ধিয়া প্ৰায় ৬-৩০বজাত তেজপুৰ আঞ্চলিক ছাত্ৰসন্থাই তেজপুৰ সাহিত্য সভা ভৱন চৌহদত থকা কাৰ্যালয়ৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শোণিতপুৰ জিলা আছুৱে স্থানীয় আঞ্চলিক সমিতি সমূহৰ সহযোগত জোঁৰ লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ লোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷

আছুৰ ওপৰত কৰা নিৰাপত্তা বাহিনীৰ এই বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদতে শনিবাৰে ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ আহ্বান জনাইছিল আছুৱে ।

লগতে পঢ়ক :লতাশিলত চিটিবাছ-ডি.আই-অলট’ৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details