তেজপুৰ, ১ জানুৱাৰী :ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই শোণিতপুৰ জিলা কৃষি বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ । বিগত সময়ছোৱাত জিলাখনৰ কৃষিখণ্ডৰ বাবে আগবঢ়োৱা উল্লেখনীয় পদক্ষেপ আৰু সামাজিক ক্ষেত্ৰখনিত বিশেষ অৱদানৰ যোগেদি বিভিন্ন স্থানত প্ৰশংসা বুটলাৰ লগতে সম্বর্ধনা লাভ কৰিবলৈ সক্ষম হোৱা শোণিতপুৰৰ ৭ গৰাকীকৈ প্ৰগতিশীল কৃষকক সম্বর্ধনা জ্ঞাপন কৰে জিলা কৃষি বিভাগে ।
এই সভাত জিলাখনৰ প্ৰগতিশীল কৃষক ঘনশ্যাম নাথ, শৰৎ বৰুৱা, জিতুমণি কলিতা, জিতেন কুজুৰ, আব্দুল খালেক, সুভাষ সিং আৰু কমল কুমাৰী বড়োক সম্বর্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, অৱসৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক হৰেশ্বৰ দাস, সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান, মহকুমা কৃষি বিষয়া প্ৰণৱ বৰা, অঞ্জুমণি ভাগৱতী, ধীৰেন শৰ্মা, কৃষি উন্নয়ন বিষয়াসকল আৰু জিলা কৃষি বিভাগ, এপাৰ্ট-আত্মাৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল ৷
জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়াই আঁতধৰা অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই । সকলোৰে জ্ঞাত যে যোৱা ১৬ ৰ পৰা ১৮ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ‘অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা ২০২৩' ৷ এই মেলাত পশুপালন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যৰ ‘শ্ৰেষ্ঠ কৃষক’ৰ সন্মানেৰে সন্মানিত কৰা ডিপোটা কৃষি চক্ৰৰ অন্তৰ্গত দ-বেছেৰীয়াৰ ঘনশ্যাম নাথকো সম্বর্ধনা জ্ঞাপন কৰা হয় ।
জিলা কৃষি বিভাগ আৰু আত্মাৰ সহযোগত গাহৰি, হাঁহ, ছাগলী ইত্যাদি ফাৰ্মৰ জৰিয়তে বছৰি কেইবা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাথক আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ ত শ্ৰেষ্ঠ কৃষকৰ বঁটাসহ, পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই । অনুষ্ঠানতে সম্পূর্ণ প্ৰাকৃতিকভাৱে কৃষিকাৰ্য কৰি বহুজনৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ ত প্ৰগতিশীল কৃষকৰ সন্মান লাভ কৰা চিলাবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত আদৰ্শ কৃষক শৰৎ বৰুৱা, পশুপালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে বহুজনক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হোৱা ঢেকিয়াজুলি কৃষি চক্ৰৰ জিতুমণি কলিতা আৰু ৰঙাপাৰাৰ আদৰ্শ কৃষক জিতেন কুজুৰকো সম্বর্ধনা জ্ঞাপন কৰা হয় ।