অচিৰেই উচ্ছেদ কৰা হ’ব বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত বসবাস কৰা লোকসকলক তেজপুৰ, ১২ জানুৱাৰী :অচিৰেই উচ্ছেদ কৰা হ’ব তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত বসবাস কৰা লোকসকলক (Sonitpur administration will evict at Bura Chapori Wildlife Sanctuary)। প্ৰায় ১০০০ হেক্টৰৰো অধিক ভূমি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে দখল কৰি আছে একাংশ লোকে (Encroachments at forest areas)। এই তথ্য সদৰী কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।
তেওঁ উল্লেখ কৰে, ‘‘চৰকাৰে বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত হোৱাৰ পিচত বৰ্তমান বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আহিছে । বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ লগতে লাওখোৱা সংৰক্ষিত বনাঞ্চল আছে ৷ সেয়া নগাঁও জিলাৰ অন্তৰ্গত ৷ কিন্তু শোণিতপুৰ জিলাৰ অন্তৰ্গত অঞ্চলত বৰ্তমান চৰকাৰে বেদখলমুক্ত কৰি তাত নতুনকৈ বৃক্ষ ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে’’ ।
বুঢ়াচাপৰিত বৃদ্ধি পাইছে অবৈধভাৱে বসতি কৰা লোকৰ সংখ্যাই লগতে তেওঁ কয়, ‘‘জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ অভয়াৰণ্যখন ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পৰাই শোণিতপুৰ জিলাৰ বন বিভাগৰ আধীনত আছিল ৷ পৰৱৰ্তী সময়ত ১৯৯৫ চনৰ ১১ জুলাইত এক গেজেট নটিফিকেচন জৰিয়তে এই সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় ।
লগতে পঢ়ক :Eviction drive at Pabha Reserved Forest: পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান
কিন্তু ২০১৩ চনৰ ১১ নৱেম্বৰত বন বিভাগে দিয়া আন এক নিৰ্দেশ যোগে নগাঁও জিলা বন্য প্ৰাণী মণ্ডলৰ অধীনলৈ যায় । কিন্তু এই সমগ্ৰ অঞ্চলটো শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ মহকুমাৰ অন্তৰ্গত তেজপুৰ ৰাজহ চক্ৰৰ অধীনত আছে । এই ঠাইত অবৈধভাৱে বসতি স্থাপন কৰা লোকৰ সংখ্যা ক্ৰমাৎ বহুখিনি বৃদ্ধি পাইছে’’ ।
বুঢ়াচাপৰিৰ ভূমি বেদখলকাৰীৰ কবলত উল্লেখযোগ্য যে, ইয়াৰ সংলগ্ন বনগাঁও গৰু-ম’হৰ খুটি আৰু খেতিয়কে চাপৰি অঞ্চলত যুগ যুগ ধৰি বিভিন্ন খেতি কৰি আহিছে ৷ লগতে চাৰিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰি আহিছে । এই বিষয়ে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বিগত বিধানসভাত বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে । কাৰণ মাত্ৰ ৰাজনৈতিক অভিসন্ধিৰ বাবেই শোণিতপুৰ বন সংমণ্ডলৰ পৰা নি নগাঁও বন সংমণ্ডলৰ অধীনলৈ নিয়া হৈছিল বুলি ৰাভাই মুখ্যমন্ত্ৰীক অৱগত কৰে ৷
সেয়ে ইয়াক পুনৰ শোণিতপুৰ জিলাৰ অধীনত আনি সকলো কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনায় । বৰ্তমান এই অঞ্চলসমূহ সম্পূৰ্ণ বেদখলকাৰীৰ কবলত আছে । আনহাতে, তেজপুৰৰ খেতিয়ক তথা প্ৰাক্তন ছাত্ৰ নেতা কাবুল শৰ্মাই এই বিষয়ে অভয়াৰণ্যখনক পুনৰ শোণিতপুৰ জিলাৰ অধীনত আনিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ।
লগতে পঢ়ক :Eviction in Pabho reserve forest: বেদখলমুক্ত হ’ল পাভ সংৰক্ষিত বনাঞ্চলৰ 501 হেক্টৰ ভূমি