তেজপুৰ, 11 ফেব্ৰুৱাৰী : অসমৰ পৌৰ নিৰ্বাচনৰ (Assam Municipal Election 2022) দিন ঘোষণা কৰাৰ লগে লগে সাজু হৈছে ৰাজনৈতিক দলসমূহ ৷ লগতে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসনো (Sonitpur administration gear up before Municipal election) ৷ শোণিতপুৰ জিলাত এইবাৰ 49 টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন । ইয়াৰ ভিতৰত তেজপুৰ পৌৰসভাৰ 19টা তেজপুৰৰ, 10 ঢেকীয়াজুলিৰ, 10 টা ৰঙাপাৰাৰ আৰু জামুগুৰিহাটৰ 10 ৱাৰ্ডৰ বাবে প্ৰাৰ্থী সকলে 15 ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব আৰু 17 তাৰিখে এই পত্ৰসমূহ পৰীক্ষা আৰু 20 তাৰিখে উঠাই লব পাৰিব ।
শুকুৰবাৰে অনুষ্ঠিত এক সংবাদমেলত শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে কয় যে, জিলাখনৰ 105 টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট দান প্ৰক্ৰিয়া আৰু এই পৌৰসভা নিৰ্বাচনৰ বাবে 126 টা ই ভি এম সাজু কৰি ৰখা হৈছে বুলি জানিব দিয়ে ৷ তেজপুৰ পৌৰ সভাৰ মুঠ ভোটাৰ 50,851 গৰাকী ইয়াৰ ভিতৰত 25,008 জন পুৰুষ আৰু 25,840 গৰাকী মহিলা ভোটাৰ, ঢেকীয়াজুলিত মুঠ 16,875 ভোটাৰৰ বিপৰীতে 8,433 গৰাকী পুৰুষ আৰু 8,442 গৰাকী মহিলা আছে ৷