তেজপুৰ, ৫ জুনঃ শোণিতপুৰত নতুনকৈ পাঁচজন লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে ৷ আক্ৰান্তসকল হৈছে দুজন এছ এছ বি জোৱান আৰু স্বামী-স্ত্ৰীসহ তিনি বছৰীয়া এটি কন্যা শিশু ।
শোণিতপুৰত পুনৰ পাঁচজনৰ দেহত কোভিড-১৯ ৰ অৱস্থিতি
শোণিতপুৰত পুনৰ ক'ৰণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ২৭ জন হ'লগৈ । একেটা পৰিয়ালৰ পতি, পত্নী আৰু কন্যা আক্ৰান্ত হোৱাৰ লগতে দুজন এছএছ বিৰ জোৱান শুকুৰবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰে ।
এছ এছ বিৰ নৱনীত বাৰ্মা আৰু কুলদীপ কুমাৰ দিল্লীৰ পৰা বিমানযোগে ৩১ মে'ত গুৱাহাটীত উপস্থিত হৈছিল । পিছতে বাছযোগে আহি এছ এছ বি দেবেন্দ্ৰ নগৰৰ চৌহদৰ কোৱাৰেন্টাইনত আছিল । আনহাতে, নাগপুৰৰ পৰা বাছযোগে আহি ৩১ মে'ৰ দিনা তেজপুৰত উপস্থিত হোৱা তেজপুৰ আমোলাপামৰ কমলেশ নাগবংশী, নাগবংশীৰ পত্নী লীনা আৰু নাগবংশীৰ তিনি বছৰীয়া কন্যা কিৰিটিৰ দেহত কোভিড-১৯ ৰোগ ধৰা পৰে । আক্ৰান্ত ৫ গৰাকীকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
ইপিনে বৰ্তমান শোণিতপুৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পালে ।